অসম

assam

ETV Bharat / state

বিয়াৰ সাজেৰে ন কইনা আহিল এন আৰ চি কেন্দ্ৰলৈ

নাগৰিকত্বৰ প্ৰমাণ দিবলৈ বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰলৈ বিয়াৰ সাজেৰে আহিল ন কইনা ।

By

Published : Jun 28, 2019, 2:09 AM IST

বিয়াৰ সাজেৰে ন কইনা আহিল এন আৰ চি কেন্দ্ৰলৈ

বৰপেটাৰোড, 28 জুনঃ বৃহস্পতিবাৰে এন আৰ চিৰ কেন্দ্ৰলৈ বিয়াৰ সাজেৰে আহিল ন কইনা । নাগৰিকত্বৰ প্ৰমাণ দিবলৈ বৰপেটাৰোডৰ এন আৰ চিৰ কেন্দ্ৰলৈ আহিল খৈৰাবাৰীৰ তুলিকা বাদ্যকাৰ নামৰ ন কইনা এগৰাকী ৷ উল্লেখ্য যে, যোৱা নিশা চিৰাঙৰ বিজনীত বিয়া হোৱাৰ পিছতে বৃহস্পতিবাৰে পিতৃ গৃহৰ পৰা বিদায় লৈ বৰযাত্ৰীৰ গাড়ীৰে এন আৰ চি কেন্দ্ৰটোত আহি উপস্থিত হ'ল কইনাগৰাকী ।

বিয়াৰ সাজেৰে ন কইনা আহিল এন আৰ চি কেন্দ্ৰলৈ

সম্পূৰ্ণ কইনাৰ সাজেৰে বৃহস্পতিবাৰে এই গৰাকী ন কইনা বৰপেটাৰোডৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত থকা এন আৰ চিৰ কেন্দ্ৰলৈ আহি শুনানিত উপস্থিত হৈ সম্পূৰ্ণ কৰে এন আৰ চিৰ বাকী থকা কাম ৷ ন কইনাক দেখি স্বাভাৱিকতে উৎসাহিত হৈ পৰে উপস্থিত ৰাইজ আৰু কেন্দ্ৰটোৰ কৰ্মচাৰী সকল ৷ সেয়ে পলম নকৰি সোনকালে কইনাজনীৰ শুনানিৰ কাম সমাধা কৰি দিয়ে কৰ্মচাৰী সকলে ৷ পাছত কইনাজনীক আৰ্শীবাদ দি বিদায় দিয়ে উপস্থিত ৰাইজে ৷

ABOUT THE AUTHOR

...view details