অসম

assam

By

Published : May 21, 2022, 10:37 PM IST

ETV Bharat / state

Erosion at Baghbar: মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনালে বড়ো মাতৃসকলে ?

নিশ্চিহ্ন হোৱাৰ পথত বৰপেটাৰ বাঘবৰৰ বড়ো চুবুৰী ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত উছন হৈছে নৈপৰীয়া ৰাইজৰ ঘৰ-কৃষিভূমি ( Brahmaputra River Erosion) । আপোন ঘৰ এৰি আন ঠাইলৈ ঢাপলি মেলিছে গাঁওখনৰ বহু পৰিয়াল ।

brahmaputra-river-erosion-at-baghbar-in-barpeta
বাঘবৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া: বড়ো মাতৃসকলৰ কি আহ্বান মুখ্যমন্ত্ৰীক !

বৰপেটা, 21 মে’:বানৰ লগতে এতিয়া ৰাজ্যত ভয়াৱহ হৈ পৰিছে খহনীয়া সমস্যা ৷ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে বৰপেটাৰ বাঘবৰত সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে কালৰূপ (Brahmaputra River Erosion at Baghbar ) ৷ নৈৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে বাঘবৰৰ নৈপৰীয়া লোকৰ ঘৰ দুৱাৰ, ভেটি মাটি, মঠ মন্দিৰ সত্ৰ আদি৷ সম্প্ৰতি বাঘবৰৰ বড়ো চুবুৰীত ব্ৰহ্মপুত্ৰ নৈয়ে চলাইছে ব্যাপক খহনীয়া ৷

একালত প্ৰায় তিনি শতাধিক বড়ো পৰিয়াল বাস কৰা বাঘবৰত আজি এই মুহূৰ্তত মাথো দহটা বড়ো পৰিয়াল আছে ৷ ইতিমধ্যে বিগত কেইটামান দিনৰ ভিতৰত ইয়াৰ মাজৰে 6 টা বড়ো পৰিয়ালৰ ঘৰবাৰী, ভেটি মাটিৰ লগতে শিৱ মন্দিৰ, মা’ বৰমানীৰ থান আদি ব্ৰহ্মপুত্ৰত বিলীন হৈ যোৱাৰ পিচতে মূৰে-কপালে হাত দিছে ভুক্তভোগী ৰাইজে ৷

বাঘবৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া: বড়ো মাতৃসকলৰ কি আহ্বান মুখ্যমন্ত্ৰীক !

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই নীৰৱ ভূমিকা অৱলম্বন কৰাত চৰাঞ্চলত বসবাস কৰা বড়োসকলে আতংকত দিন পাৰ কৰিবলগীয়া হৈছে ।‌ প্ৰতি মুহূৰ্তত বাঢ়িছে বিপদ । অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদে (MLA Sherman Ali) ।

নহ'লে খহনীয়াত জাহ যাব অঞ্চলটোৰ আগশাৰীৰ প্ৰতিষ্ঠান কেইখন । যদি অনতি পলমে চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে বহু পৰিয়ালে হেৰুৱাব তেওঁলোকৰ সপোনৰ ঘৰখন তথা ভেটি মাটি ।

লগতে পঢ়ক :ৰাজ্যত বানৰ বিভীষিকা; ৰে’লপথত আশ্ৰয় সহস্ৰাধিক বন্যাৰ্ত

ABOUT THE AUTHOR

...view details