অসম

assam

By

Published : Nov 13, 2019, 3:45 PM IST

ETV Bharat / state

বি টি এডিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ লগত হ’ব মিত্ৰতা: প্ৰমীলাৰাণী ব্ৰহ্ম

বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ লগত হ’ব মিত্ৰতা,এক ৰাজহুৱা অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই,বহুমুখী সমবায় সমিতি লিমিটেডৰ বৰপেটাৰোড শাখাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশ লৈ মন্ত্ৰী ব্ৰহ্মই এইদৰে মন্তব্য কৰে ৷

বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ লগত হ’ব মিত্ৰতা: মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

বৰপেটাৰোড, 13 নবেম্বৰ: বি টি এ ডি-ৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত বিজেপিৰ লগত হ’ব মিত্ৰতা ৷ বি পি এফৰ দখলত থকা পৰিষদীয় সমষ্টিসমূহ কোনো কাৰণতে এৰি দিয়া নহয় বিজেপিক ৷ বিপৰীতে দখলত নথকা সমষ্টি সমূহক লৈ হ’ব বিজেপিৰে মিত্ৰতা, এক ৰাজহুৱা অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ৷ বুধবাৰে বহুমুখী সমবায় সমিতি লিমিটেড,বৰপেটাৰোড শাখাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশ লয় মন্ত্ৰী ব্ৰহ্মই ৷ কিছুদিন পূৰ্বে সাংসদ নৱ কুমাৰ শৰণীয়াই মন্ত্ৰী ব্ৰহ্মৰ সম্পত্তি সম্পৰ্কে কৰা মন্তব্যক ততালিকে নস্যাৎ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সাংসদ শৰণীয়াৰ এই মন্তব্য ভিত্তিহীন বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সমবায় সমিতিখনৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কয় যে,বিগত 27 বছৰে কাম কৰি অহাৰ বাবে সমবায়খনক চৰকাৰে 51কোটি টকা মোকলাই দিছে ৷ তদুপৰি উক্ত সমবায়খনে চৰকাৰক এতিয়ালৈকে 145 কোটি টকাৰ ৰাজহ জমা দিছে ৷ ৰাইজৰ যোগাযোগৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমবায় সমিতিখনৰ কাৰ্যালয় স্থাপন কৰাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ এই বহুমুখী সমবায় সমিতিৰ জৰিয়তে ৰাইজে উপাৰ্জনৰ কিছু অংশ জমা কৰিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ লগত হ’ব মিত্ৰতা: মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

ABOUT THE AUTHOR

...view details