বৰপেটাৰোড 15 মাৰ্চঃ আগন্তুক দুই এদিনৰ ভিতৰত বিজেপি দলত যোগদান কৰিব গৌতম দাসে ৷ মথনগুৰী সমষ্টিৰ এমচিএলএ গৌতম দাসে এইবাৰ বিপিএফ দলৰ প্ৰাৰ্থিত্ব নোপোৱাত বিপিএফৰ পৰা পদত্যাগ কৰে বুলি জনাই গৌতম দাসে ৷ মথনগুৰী সমষ্টিত গৌতম দাসৰ সলনি বিপিএফৰ নেত্ৰী বেগম আখতাৰা আহমেদক এইবেলি বিপিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত গৌতম দাসে ক্ষোভিত হৈ বি পি এফ দল ত্যাগ কৰা বুলি জানিবলৈ দিয়ে৷
প্ৰাৰ্থিত্ব নাপাই বিপিএফ এৰিলে এমচিএলএ গৌতম দাসে - বিপিএফ
বিপিএফৰ পৰা পদত্যাগ মথনগুৰী সমষ্টিৰ এমচিএলএ গৌতম দাস ৷ বিপিএফ দলৰ প্ৰাৰ্থিত্ব নোপোৱাৰ বাবেই পদত্যাগ কৰে বুলি জানিবলৈ দিয়ে গৌতম দাসে ৷
প্ৰাৰ্থিত্ব নাপাই বিপিএফ এৰিলে এমচিএলএ গৌতম দাসে
উল্লেখ্য যে, গৌতম দাসে বিজেপিত যোগদান কৰি বিজেপি দলৰ পৰা মথনগুৰী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি সদৰী কৰা হৈছিল ৷ কিন্তু বিপিএফ দলে গৌতম দাসৰ সলনি বিপিএফৰ নেত্ৰী বেগম আখতাৰা আহমেদক বিপিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷