অসম

assam

ETV Bharat / state

BPF vs UPPL: প্ৰমোদ বড়োৱে বিটিচিত উন্নয়নমূলক কি কাম কৰিলে; প্ৰশ্ন বিপিএফৰ

তিনিবছৰীয়া কাৰ্যকালত বিটিচিত কি কৰিলে ইউ পি পি এল চৰকাৰে ! বিপিএফৰ দিনত বহু উন্নয়মূলক কাম কৰা হৈছিল ৷ কিয় নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা নাই প্ৰমোদ বড়োৱে ৷ এই প্ৰশ্ন বিপিএফ নেতা কাষ্টম বসুমতাৰীৰ ৷

BPF Coordination Committee Meeting
প্ৰমোদ বড়োৱে বিটিচিত উন্নয়নমূলক কি কাম কৰিলে

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 7:28 AM IST

প্ৰমোদ বড়োৱে বিটিচিত উন্নয়নমূলক কি কাম কৰিলে

বৰপেটাৰোড, 4 ছেপ্তেম্বৰ: বাক্সাৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ হটাপাৰাত সোমবাৰে অনুষ্ঠিত হয় বিপিএফ দলৰ এক সমন্বয় সমিতিৰ সভা ৷ সভাত বিপিএফ নেতা কাষ্টম বসুমতাৰী, বি পি এফ দলৰ নেত্ৰী বেগম আখতাৰা আহমেদকে আদি কৰি বিপিএফৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মী উপস্থিত থাকে ৷ সভাত আগন্তুক দিনত বি পি এফ দলক অধিক শক্তিশালী ৰূপে আগুৱাই নিবলৈ সকলোকে আহ্বান জনায় ৷

ইউ পি পি এল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক সমালোচনা কৰি বিপিএফ নেতা কাষ্টম বসুমতাৰীয়ে কয়,‘‘বিটিচিত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী লোকৰ মাজত থকা ককাই-ভাইৰ দৰে মধুৰ সম্পৰ্ক আছিল ৷ কিন্তু ইউ পি পি এলয়ে ভাঙি তচনচ কৰিছে সেই সম্পৰ্ক । ইউ পি পি এলে পূৰ্বৰ বিটিচি গৰিমা ৰক্ষা কৰক ৷ ’’

তদুপৰিও প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলৰ তিনিবছৰীয়া কাৰ্যকালত বিটিচি উন্নয়নৰ বাবে একো কামেই নকৰিলে বুলি উল্লেখ কৰি বিপিএফ নেতা গৰাকীয়ে কয় ,‘‘বিটিচিৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক 2500 টকাকৈ বিটিচিৰ চীফ প্ৰমোদ বড়োৱে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু ইউ পি পি এল চৰকাৰৰ কাৰ্যকাল তিনিবছৰ অতিক্ৰম কৰিলে কিন্তু বৰ্তমানলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ধন পোৱা নাই ৷’’

আৰু কয়, ‘‘বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ 17 বছৰীয়া কাৰ্যকালত হোৱা বহু উন্নয়নমূলক কাম-কাজৰ বহু উদাহৰণ আছে ৷ হাগ্ৰামা মহিলাৰীৰ দিনতেই বড়োলেণ্ড ইউনিভাৰচিটি, ইঞ্জিনীয়াৰিং কলেজ, বিটিচি সচিবালয়, বিটিচিবাসীৰ সুবিধাৰ বাবে গুৱাহাটীত দুটাকৈ বড়োলেণ্ড গেষ্ট হাউচ নিৰ্মাণ কৰাৰ লগতে এনে বহু যুগান্তকাৰী কাম হাগ্ৰামা মহিলাৰীৰ দিনতেই কৰা হৈছিল ৷ কিন্তু ইউ পি পি এলৰ দিনত কি কৰিলে !’’

লগতে পঢ়ক:Erosion in Assam: গৰাখহনীয়াগ্ৰস্তলৈ সহায়ৰ হাত AIDWA ৰ, নিৰ্বিকাৰ ভূমিকাত স্থানীয় বিধায়ক

ABOUT THE AUTHOR

...view details