অসম

assam

১৪ বছৰীয়া প্ৰেম আনৰ হোৱাৰ আশংকাত অনশনত বহিল প্ৰেমিক ৰাকেশ

প্ৰেমিকাৰ পৰিয়ালৰ লোকে প্ৰেমিকাক অইন যুৱকৰ সৈতে বিয়া দিবলৈ যো-জা কৰাৰ খবৰ পালে প্ৰেমিক ৰাকেশে ৷ এতিয়া, প্ৰেমিকাৰ বাসগৃহৰ সমুখত অনশনত বহি ১৪ বছৰীয়া ভালপোৱা ওভতাই বিচাৰিছে প্ৰেমিকে (Boyfriend wants his love back through protest) ৷

By

Published : May 7, 2022, 7:38 PM IST

Published : May 7, 2022, 7:38 PM IST

Updated : May 7, 2022, 9:42 PM IST

ETV Bharat / state

১৪ বছৰীয়া প্ৰেম আনৰ হোৱাৰ আশংকাত অনশনত বহিল প্ৰেমিক ৰাকেশ

boyfriend-protests-in-front-of-girl-friends-home
১৪ বছৰীয়া প্ৰেম আনৰ হোৱাৰ আশংকাত অনশনত বহিল প্ৰেমিক ৰাকেশ

বৰপেটাৰোড, 7 মে’ :" Everything is fare in love and war" এই কথাষাৰ আপুনি হয়তো বাৰে বাৰে শুনিছে ৷ প্ৰেমত পৰি প্ৰেমৰ বাবেই যিকোনো পৰ্যায়লৈ যোৱা মানুহো হয়তো আপুনি দেখিছে ৷ প্ৰেমৰ বাবেই একোটা প্ৰেমিক যুগলে ঘৰ-পৰিয়াল, ধন-সম্পত্তি ত্যাগ কৰি কন্টকময় পথ আকোঁৱালি লোৱাও দেখিছে আপুনি ৷ এনে প্ৰেমৰ বাবেই কোনে কি কৰা দেখা নাই আপুনি ? কিন্তু, কেতিয়াবা প্ৰেমৰ বাবেই কাৰোবাক অনশন কৰা দেখিছেনে আপুনি ?

বোধকৰো নাই দেখা, কিন্তু শুনি আচৰিত লাগিলেও তেনেই এটা ঘটনা সংঘটিত হৈছে বৰপেটাৰোডত (Unique love story of Barpeta road) ৷ নিজৰ প্ৰেমিকাক বিচাৰি প্ৰেমিকাৰ ঘৰৰ সন্মুখত শনিবাৰে অনশনত বহিল বৰপেটাৰোডৰ এজন প্ৰেমিকে ৷ প্ৰেমিকাৰ ঘৰৰ সমুখত অনশনত বহা প্ৰেমিকজনৰ নাম ৰাকেশ মণ্ডল। জানিব পৰা মতে, বৰপেটাৰোডৰ সূৰ্য্য নগৰৰ প্ৰেমিক ৰাকেশ মণ্ডলে বৰপেটাৰোডৰ সূৰ্য্য নগৰৰে এজনী যুৱতীক বিগত ১৪ বছৰ ধৰি ভালপাই আহিছিল।

১৪ বছৰীয়া প্ৰেম আনৰ হোৱাৰ আশংকাত অনশনত বহিল প্ৰেমিক ৰাকেশ

কিন্তু অৱশেষত যুৱতীৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীক অইন যুৱকৰ সৈতে বিয়া দিবলৈ যো-জা চলাই থকাৰ খবৰ লাভ কৰে ৰাকেশে ৷ এই খবৰ শুনি, প্ৰেমিক ৰাকেশ মণ্ডলৰ মূৰত এতিয়া ভাগি পৰিছে সৰগ ৷

সেয়ে নিজৰ ১৪ বছৰীয়া ভালপোৱাক বিবাহৰ পূৰ্ণ ৰূপ দিয়াৰ বাবে প্ৰেমিকাৰ বাসগৃহৰ সন্মুখত অনশনত বহিছে ৰাকেশ ৷ যেতিয়ালৈকে নিজৰ প্ৰেমিকাক বিয়া পাতিব নোৱাৰিব তেতিয়ালৈকে অনশনত বহি থাকিব বুলিও জানিবলৈ দিয়ে প্ৰেমিক ৰাকেশ মণ্ডলে ৷ আন সকলো পথ বন্ধ হৈ যোৱা দেখি এতিয়া, অনশন কৰি হ’লেও ১৪ বছৰ পুৰণি নিজৰ পৱিত্ৰ ভালপোৱা ওভতাই বিচাৰিছে প্ৰেমিক ৰাকেশ মণ্ডলে ৷
লগতে পঢ়ক :গুৱাহাটীত ডব্লিউ ডব্লিউ ই খ্যাত দ্যা গ্রেট খালী

Last Updated : May 7, 2022, 9:42 PM IST

ABOUT THE AUTHOR

...view details