বৰপেটা, ৪ আগষ্ট : বৰপেটাত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলায় কিশোৰীক অপহৰণ যুৱকৰ ৷ প্ৰেমিকৰ প্ৰকৃত পৰিচয় জানিব পাৰি নিশাই প্ৰেমিকৰ ঘৰৰ পৰা পলায়ন কিশোৰীৰ ৷
ঘটনা অনুসৰি, বৰপেটাৰ ২নং বেচিমাৰীৰ জাহিদুল কাজীয়ে নিজকে লাকী শৰ্মা বুলি পৰিচয় দি জামুগুৰিহাটৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰেমৰ জালত পেলাইছিল ৷ অনেক চল-চাতুৰীৰ কৰি জহিদুলে অপহৰণ কৰি লৈ গৈছিল কিশোৰী গৰাকীক ৷ অপহৰণ কৰি প্ৰেয়সী ৰূপী কিশোৰীগৰাকীক লৈ গৈছিল বেচিমাৰীৰ নিজ গৃহলৈ ৷ কিন্তু বেচিমাৰীত উপস্থিত হৈ যেতিয়া কিশোৰীগৰাকীয়ে জানিব পাৰিলে যে লাকী শৰ্মা প্ৰকৃততে এজন মুচলমান যুৱক, সেই নিশাই কিশোৰী গৰাকী পলায়ন কৰে জহিদুলৰ ঘৰৰ পৰা ৷ উপায়হীন কিশোৰীগৰাকীয়ে আশ্ৰয় লয় গহিয়া গাঁৱৰ এজন বড়ো সম্প্ৰদায়ৰ লোকৰ ঘৰত ৷