অসম

assam

By

Published : Mar 28, 2021, 10:02 AM IST

ETV Bharat / state

অৱশেষত মুকলি আকাশৰ তলত মইনবৰীৰ দুই সদস্য

বিগত 24 ফেব্ৰুৱাৰীত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ পিএছঅ’য়ে কৰা এক গোচৰৰ ভিত্তিত দলৰ দুজন পঞ্চায়ত সদস্য ক্ৰমে ৰফিকুল ইছলাম আৰু আব্দুল লতিফ আহমেদক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল বিধায়ক গৰাকীয়ে । অৱশেষত শনিবাৰে বৰপেটা জিলা আদালতে মইনবৰীৰ পঞ্চায়তৰ দুই সদস্যৰ জামিন মঞ্জুৰ কৰে ।

৩১ দিনৰ অন্তত মুকলি আকাশৰ তলত মইনবৰীৰ দুই সদস্য
৩১ দিনৰ অন্তত মুকলি আকাশৰ তলত মইনবৰীৰ দুই সদস্য

জনীয়া,28 মাৰ্চ: সম্পূৰ্ণ 31 দিনৰ অন্তত শনিবাৰে মুকলি আকাশৰ তললৈ আহিল মইনবৰীৰ পঞ্চায়ত সদস্য ৰফিকুল ইছলাম আৰু আব্দুল লতিফ আহমেদ । উল্লেখ্য যে, বিগত 24 ফেব্ৰুৱাৰীত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ পিএছঅ’য়ে কৰা এক গোচৰৰ ভিত্তিত দলৰ দুজন পঞ্চায়ত সদস্য ক্ৰমে ৰফিকুল ইছলাম আৰু আব্দুল লতিফ আহমেদক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল বিধায়ক গৰাকীয়ে । অৱশেষত শনিবাৰে বৰপেটা জিলা আদালতে মইনবৰীৰ পঞ্চায়তৰ দুই সদস্যৰ জামিন মঞ্জুৰ কৰে ।

অৱশেষত মুকলি আকাশৰ তলত মইনবৰীৰ দুই সদস্য

মইনবৰীত শনিবাৰে নিশা প্ৰায় দহ বজালৈ অপেক্ষা কৰি শ শ ৰাইজে উষ্ম আদৰণি জনাই দুয়োগৰাকী পঞ্চায়ত সদস্যক ৷ সদস্য দুগৰাকীক আদৰণি জনাবলৈ বাহিৰ কৰে এক সমদল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰফিকুল ইছলাম আৰু আব্দুল লতিফ আহমেদে ভূৱা অপৰাধত কাৰাগাৰলৈ যাবলগীয়া হৈছিল ৷ যাৰ বাবে তীব্ৰ ভাষাৰে স্থানীয় বিধায়কক গৰিহণা দিয়ে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:নিৰ্বাচনী হিংসা: টিংখঙৰ ভোটকেন্দ্ৰত দুস্কৃতিকাৰীৰ প্ৰৱেশৰ চেষ্টা

ABOUT THE AUTHOR

...view details