অসম

assam

ETV Bharat / state

বিধায়ক জাকিৰ হুছেইন শিকদাৰে পৰিদৰ্শন কৰিলে বান পৰিস্থিতি - sorukhetri mla

সৰুক্ষেত্ৰী সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন ৷ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে পৰিদৰ্শন কৰিলে বান পৰিস্থিতি । বৰপেটা জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ এগৰাকী মন্ত্ৰীক প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান বিধায়ক জাকিৰৰ ৷

borpeta  sorukhetri mla jakir hussain  sikdar visiting flood effacted  area
জাকিৰ হুছেইন শিকদাৰৰ বান পৰিস্থিতি পৰিদৰ্শন

By

Published : Jun 30, 2020, 3:22 PM IST

বৰপেটা,৩০জুনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। কেইবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে বিভিন্ন নৈ -উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ৰাজ্যজুৰি বান পৰিস্থিতিয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা মৌজা, বেতবাৰী মৌজা আৰু সৰুক্ষেত্ৰী মৌজাৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কৱলত পৰিছে। বানপানীৰ ফলত খেতি-পথাৰ, ৰাস্তা -ঘাট , ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হৈছে । বিগত তিনিদিন ধৰি সৰুক্ষেত্ৰী সমষ্টিত বানপানীয়ে কালৰূপ ধাৰণ কৰা দেখা গৈছে । সৰুক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী অঞ্চলতো ভয়াবহ বানৰ সৃষ্টি হৈছে । পাকা মৌজা আৰু বেতবাৰী মৌজাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ পিছত সৰুক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী, গোমূৰা, ৰঙিয়া নদীৰ পাম, ৰঙিয়া গাঁও আদি অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।

জাকিৰ হুছেইন শিকদাৰৰ বান পৰিস্থিতি পৰিদৰ্শন

বিধায়কগৰাকীয়ে বান পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে । বৰপেটা জিলাৰ বান পৰিস্থিতিয়ে ভয়ানক ৰূপ লোৱাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ কোনো এজন মন্ত্ৰীকো পঠোৱা নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । বৰপেটা জিলাত হোৱা বান পৰিস্থিতিৰ বুজ লৈ ক্ষয়-ক্ষতিৰ হিচাপ ল'বলৈ কোনো এগৰাকী মন্ত্ৰীক বৰপেটা জিলালৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বিধায়কগৰাকীয়ে । উল্লেখযোগ্য যে, ৰাজ্যত মঙলবাৰৰ পুৱা পৰ্যন্ত বানত মৃত্যু হৈছে 24 জন লোকৰ ৷ আনহাতে ক্ষতিগ্ৰস্ত হৈছে 23 খন জিলাৰ 72 টা ৰাজহ চক্ৰৰ 2,400 খন গাঁৱৰ 12,02,773 জন লোক ৷


লগতে পঢ়কঃ ৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details