বালিত পোত যোৱা বৰপেটাৰ এখন বিদ্যালয়
বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭০৯নং কাচুকাটি চৰপাৰা প্ৰাথমিক বিদ্যালয়খন বেঁকী নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত বালিত পোত গৈছে
জনীয়া, 10 আগষ্টঃ গৰমৰ বন্ধ শেষ হৈ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান ৷ কিন্তু বানে বিধ্বস্ত কৰা বহু ঠাইৰ বিদ্যালয়ত এতিয়াও গঢ়ি উঠা নাই পাঠদানৰ পৰিৱেশ ৷ বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৭০৯ নং কাচুকাটি চৰপাৰা প্ৰাথমিক বিদ্যালয়খন বেঁকী নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত বালিত পোত গৈছে যাৰ বাবে বিদ্যালয় খনৰ দৰ্জা পৰ্যন্ত খুলিব পৰা নাই ৷ ইয়াৰোপৰি বালিত পোত গৈছে বিদ্যালয় খনৰ দমকল ৷ প্ৰশাসনে যদি বিদ্যালয় খন অতি শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে বিদ্যালয়খনৰ ৪০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈ ৰ'ব লাগিব ৷