অসম

assam

ETV Bharat / state

চৰকাৰে মানুহ চাই কোৱাৰেণ্টাইন কৰাৰ অভিযোগ সাংসদ খালেকৰ

বৰপেটাৰ কংগ্ৰেছৰ লোকসভাৰ সাংসদ আব্দুল খালেকে বুধবাৰে বৰপেটাত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰে বাছি বাছি মানুহক কোৱাৰেন্টাইন কৰাৰ অভিযোগ তোলে ৷ সংবাদমেলখনত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী,বিধায়কে কোৱাৰেন্টাইন নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

borpeta mp abdul khaluqe pressmeet
বৰপেটাত সাংসদ আব্দুল খালেকৰ সংবাদমেল

By

Published : Jun 24, 2020, 9:46 PM IST

বৰপেটা,২৪জুনঃ বৰপেটাৰ লোকসভাৰ সাংসদ আব্দুল খালেক দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰেলযোগে বৰপেটালৈ আহি মঙলবাৰে ১৪ দিনৰ কোৱাৰেন্টাইনৰ শেষ কৰি বুধবাৰে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি ক‘ৰণাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায় চৰকাৰক ৷ বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অসমৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে কোৱাৰেন্টাইনৰ নীতি-নিয়ম নমনাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ ইপিনে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞালৈ শুভেচ্ছা জনাই ২১ৰ নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে বহল ভিত্তিত মিত্ৰ জোট বন্ধন হোৱাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী ঘোষণাৰ আশাত একপ্ৰকাৰ চেচাপানী পৰা বুলি মন্তব্য সাংসদগৰাকীৰ ৷ সাংসদগৰাকীয়ে জনোৱামতে, ঐতিহ্যনগৰী ঘোষণাৰ সকলো আঁচনি বন্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে সত্ৰনগৰী বৰপেটাক ঐতিহ্যনগৰী ঘোষনাৰ বাবে সংসদত দাবী উত্থাপন কৰিছিল ৷ সাংসদগৰাকীৰ এই দাবীৰ পিচতেই কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰীয়ে সত্ৰনগৰী বৰপেটাক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস চলাব বুলি প্ৰকাশ কৰিছে ৷

বৰপেটাত সাংসদ আব্দুল খালেকৰ সংবাদমেল

বৰপেটাক ধৰ্মীয় পৰ্যটনক্ষেত্ৰ হিচাপে গঢ় দিবলৈ পৰ্যটন মন্ত্ৰীক পত্ৰ লিখিব বুলিও কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জানিবলৈ দিছে সাংসদ খালেকক ৷ আনহাতে ৰাজ্যৰ ডি'ভোটাৰ সমস্যাক লৈ সংসদত বিধেয়ক উত্থাপনৰ প্ৰস্তুতি চলাই থকা বুলি মন্তব্য কৰি ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই ডি'ভোটাৰ সমস্যাক লৈ সংসদত বিধেয়ক উত্থাপন কৰিব বুলি প্ৰকাশ কৰে সাংসদ আব্দুল খালেকে ৷

লগতে পঢকঃ বানত বুৰ গৈছে কাকপথাৰৰ শতাধিক গাঁও

ABOUT THE AUTHOR

...view details