শক্তি বিভাগৰ অকর্মণ্যতাত পুনৰ প্ৰাণ গ'ল এজনৰ - assam government
বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত সোমবাৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আছৰ উদ্দীন নামৰ এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ
জনীয়া, 23 জুলাইঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত সোমবাৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আছৰ উদ্দীন নামৰ এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি আজি ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী আছৰ উদ্দীনৰ মৃত্যুৰ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী উত্থাপন কৰে ৷ইয়াৰোপৰি বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা আছাৰ উদ্দীনক ৰক্ষা কৰিবলৈ গৈ জয়নব খাতুন আৰু আজগৰ আলী নামৰ আন দুজন লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হয় ৷ উল্লেখযোগ্য যে, শক্তি বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে ৰাজ্যখনত এজনৰ পাছত এজন লোকে এনেদৰে প্ৰাণ দিব লগা হোৱাত বিভাগটোৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷