পাঠশালা, 23 নৱেম্বৰ: কয়াকুছিৰ সাহিত্য সমন্বয় গোষ্ঠী আৰু প্ৰেৰণা পুথিভঁৰালৰ উদ্যোগত দেওবাৰে বিয়লি সমন্বয় সাহিত্য গোষ্ঠীৰ “পঞ্চম সমন্বয় সম্প্ৰীতি সমাৰোহ” শীৰ্ষক অনুষ্ঠানত বৰপেটা জিলাৰ ভৱানীপুৰৰ লেখক সঞ্জীৱ সাগৰ দাসৰ গল্পপুথি ‘স্পন্দন’ উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মৃনাল চন্দ্ৰ কলিতাই । সভাখন পৰিচালনাত কৰে কয়াকুছিৰ সাহিত্য সমন্বয় গোষ্ঠী আৰু প্ৰেৰণা পুথিভঁৰালৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে ৷ কৃষ্টি পথাৰ সাহিত্য আৰু সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সম্পাদক মহানন্দ সৰকাৰ দত্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা অসমৰ ১০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় সমন্বয় সাহিত্য গোষ্ঠীয়ে ।
সঞ্জীৱ সাগৰ দাসৰ গল্পপুথি ‘স্পন্দন’ উন্মোচন - ‘স্পন্দন’
কৃষ্টি পথাৰ সাহিত্য আৰু সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সম্পাদক মহানন্দ সৰকাৰ দত্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা অসমৰ ১০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় সমন্বয় সাহিত্য গোষ্ঠীয়ে ।
![সঞ্জীৱ সাগৰ দাসৰ গল্পপুথি ‘স্পন্দন’ উন্মোচন book release at bajali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9632373-thumbnail-3x2-h.jpg)
গ্ৰন্থ উন্মোচনী সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমান । আনহাতে আমন্ত্ৰিত আৰু সম্বৰ্ধিত ব্যক্তি হিচাপে উপস্থিত থাকে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বদৰ উদ্দিন আহমেদ,বিশিষ্ট সাহিত্যিক ড০ ভবেশ পাটগিৰি, অসম সমন্বয় সাহিত্য পৰিষদৰ সভাপতি জাহিদুল ইছলাম,হেল্প ফাউণ্ডেশ্বনৰ সভাপতি আব্দুল জুব্বাৰ আলী, মাইনৰিটি লিটাৰেচী ডেভেলপমেণ্ট ফেডাৰেছনৰ সভাপতি জেহেৰুল ইছলাম খান,কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰকাশন সচিব ডাঃ আব্দুল কদ্দুছ চিকদাৰ ।পঞ্চম সমন্বয় সম্প্ৰীতি সমাৰোহ সফলতাৰে সম্পন্ন কৰাৰ বাবে উপস্থিত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় সমন্বয় মুখ্য সম্পাদক ছাহেদ আলী আহমেদে ।
লগতে পঢ়ক: থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা