অসম

assam

ETV Bharat / state

কেমেৰাৰ সমুখতে উটি গ'ল দলং - বাঢ়নি পানী

বঙাইগাঁও জিলাৰ ছিপনছিলাত কুজীয়া নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে কাঠৰ দলং। বিচ্ছিন্ন যাতায়াত ব্যৱস্থা ।

কেমেৰাৰ সমুখতে উটি গ'ল দলং
কেমেৰাৰ সমুখতে উটি গ'ল দলং

By

Published : Jun 28, 2020, 4:28 AM IST

Updated : Jun 28, 2020, 5:37 AM IST

চিৰাং, 28 জুনঃ চকুৰ সমুখতে বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল এখন কাঠৰ দলং ৷ দলংখন আছিল বঙাইগাঁও জিলাৰ ছিপনছিলাত ৷ ছিপনছিলাত কুজীয়া নদীৰ ওপৰত থকা কাঠৰ এই দলং খনেই আছিল ছিপনছিলা আৰু ছোৰাপাৰা অঞ্চলৰ যাতায়াতৰ এক মাত্ৰ পথ ৷ জিলা সদৰত আহিবলৈ দলংখন অতিক্ৰম কৰিবই লাগিব ৷

কিন্তু ফেনে-ফোটোকাৰে বাঢ়ি অহা কুজীয়া নদীৰ বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল দলংখন ৷ কেমেৰাত বন্দী হৈ ৰ'ল দলংখন উটি যোৱাৰ দৃশ্য ৷

কেমেৰাৰ সমুখতে উটি গ'ল দলং

যাতায়াতৰ এক মাত্ৰ দলংখন উটি যোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ছিপনছিলা আৰু ছোৰাপাৰা অঞ্চলৰ যাতায়াত ৷ এই অঞ্চলৰ লোকৰ বাবে নাই বঙাইগাঁও জিলা সদৰলৈ অহাৰ আন কোনো ব‍্যৱস্থা ৷ সেয়ে এতিয়া দুৰ্ভোগ ভুগিব অঞ্চল দুটাৰ ৰাইজে ৷

ইপিনে বিগত তিনিদিনে ৰাজ্যখনত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাত সমগ্ৰ অসমৰে নদী সমূহৰ পানী অত্যাধিক পৰিমানে বাঢ়িছে আৰু অসমৰ বিভিন্ন জিলা জলমগ্ন কৰি পেলাইছে ৷

লগতে পঢ়কঃ বানত প্লাৱিত জোনাইৰ বিস্তীৰ্ণ অঞ্চল

Last Updated : Jun 28, 2020, 5:37 AM IST

ABOUT THE AUTHOR

...view details