অসম

assam

ETV Bharat / state

বিহুৰ বতৰত ঢুলীয়া-নাচনিৰ ৰূপত বলীউড আৰু ক্ৰিকেটৰ তাৰকা

ৰং-তুলিকাৰে খেলি ভাল পোৱা বৰপেটাৰ এজন প্ৰতিভাৱান যুৱক ৷ যাৰ হাতত পৰশ পাই উঠিছে বলিউডৰ বাদশ্বাহৰ পৰা আদি কৰি বলিউডৰ মোহময়ী অভিনেত্ৰীসকলৰ লগতে ক্ৰিকেটাৰসকলো ৷ সবিশেষ জানিবলৈ পঢ়ক এই বাতৰি...

Rongali Bihu celebration begins in Assam
Rongali Bihu celebration begins in Assam

By

Published : Apr 14, 2022, 5:24 PM IST

বৰপেটা, 14 এপ্ৰিল : ৰাজ্যত সম্প্ৰতি ৰঙালী বিহুৰ উপথপ (Rongali Bihu celebration begins in Assam) ৷ আজি গৰু বিহু ৷ এই বিহুৰ বতৰতে মূৰত গামোচা মাৰি বিহুৰ সাজত দেখিবলৈ পোৱা গ’ল বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানক ৷

বিহুৱতীৰ সাজত বলিউড আৰু ক্ৰিকেটৰ তাৰকা শিল্পীৰ জীৱন্ত ৰূপ

লগতে মোহময়ী অভিনেত্ৰী মাধুৰী দিক্ষিত, আলিয়া ভাট অথবা দিপিকা পাড়ুকনকো দেখা গ’ল খোপাত কপৌ ফুল লৈ মুগা-ৰিহা সাজ পিন্ধি বিহু নাচনীৰ সাজত ৷

বিহুৱতীৰ সাজত বলিউড আৰু ক্ৰিকেটৰ তাৰকা শিল্পীৰ জীৱন্ত ৰূপ

অকল বলিউডৰ ষ্টাৰ সকলহে নে ! নহয়, এয়া চাওক, ক্ৰিকেটাৰ বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনীৰ দেহতো বিহুৰ সাজ ৷

বিহুৱতীৰ সাজত বলিউড আৰু ক্ৰিকেটৰ তাৰকা শিল্পীৰ জীৱন্ত ৰূপ

বলিউদৰ চুপাৰষ্টাৰসকলৰ লগতে ক্ৰিকেট জগতৰ মহান তাৰকা সকলক এইদৰেই বিহুৱা-বিহুৱতীৰ সাজত তুলি ধৰিছে অসমৰ এজন প্ৰতিভাৱান যুৱ শিল্পী এগৰাকীয়ে ৷

বিহুৱতীৰ সাজত বলিউড আৰু ক্ৰিকেটৰ তাৰকা শিল্পীৰ জীৱন্ত ৰূপ

বাস্তৱত নহ'লেও ৰং তুলিকাৰে বহুতৰ নয়নৰ মণি বলিউড আৰু ক্ৰিকেটৰ তাৰকা শিল্পী সকলক বিহুৱা বিহুৱতীৰ ৰূপত অংকন কৰা বৰপেটাৰ এই শিল্পীগৰাকীৰ নাম নিৰ্জুৰাজ দাস ৷

বিহুৱতীৰ সাজত বলিউড আৰু ক্ৰিকেটৰ তাৰকা শিল্পীৰ জীৱন্ত ৰূপ

বিগত এবছৰ ধৰি নিৰ্জুৰাজ দাসে বলিউডৰ তাৰকা শিল্পীসকলৰ লগতে ক্ৰিকেটজগতৰ মহাৰথীসকলক এনেদৰে অসমীয়া সাজত অংকনৰ প্ৰয়াস চলাই আহিছে যুৱ শিল্পী নিৰ্জুৰাজ দাসে ৷

চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে বিহুৱা বিহুৱতীৰ সাজত দেশৰ মহান তাৰকাসকলক তুলিকাৰে অংকন কৰি জীৱন্ত ৰূপ দিয়াৰ প্ৰচেষ্টা নিঃসন্দেহে আদৰণীয় ৷

বিহুৱতীৰ সাজত বলিউড আৰু ক্ৰিকেটৰ তাৰকা শিল্পীৰ জীৱন্ত ৰূপ

উল্লেখ্য যে, বিগত বছৰত লক ডাউনৰ সময়ছোৱাত জুইৰে কেইবাখনো চিত্ৰ অংকন কৰি চিত্ৰ ৰসিকৰ পৰা প্ৰশংসিত হোৱাৰ লগতে অসম বুক অৱ ইয়েৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল চিত্ৰশিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক :মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

ABOUT THE AUTHOR

...view details