অসম

assam

ETV Bharat / state

উদণ্ড যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত বলেৰ' বাহনৰ চালক - বলেৰ

শনিবাৰে নিশা দুৰ্বৃত্তৰ আক্ৰমনত গুৰুতৰভাৱে আহত হয় এজন চালক ৷ ইতিমধ্যে আহত চালকজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

bolero driver attack At barpeta road
উদণ্ড যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত বলেৰ' বাহনৰ চালক

By

Published : Aug 8, 2021, 9:51 PM IST

বৰপেটাৰোড, 8 আগষ্ট :বাক্সা (Baksha)ৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অধীনস্থ লাব্দাংগুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে নিশা এখন বলেৰ’ বাহনেৰে বাৰাপেটাৰ নিজ গৃহ অভিমুখে গৈ থকা সময়তে বাহনখনৰ চালকজনক উদণ্ড যুৱকৰ দলে বাট আগচি চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ (Attack) কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় চালকজন ৷

আহত চালকজন আবুল খান বুলি জানিব পৰা গৈছে ৷ মুমূৰ্ষ অৱস্থাত চালকজনক প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ততালিকে চালকজনক সংকটজনক অৱস্থাত 'বৰপেটা মেডিকেল কলেজ হাস্পতাল' (Barpeta Medical College Hospital) লৈ প্ৰেৰণ কৰে ৰাইজে ৷ বৰ্তমান চালকজন বৰপেটা মেডিকেল কলেজৰ আই.চি.ইউ (ICU)ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

উদণ্ড যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত বলেৰ' বাহনৰ চালক

বাৰাপেটা গাঁৱৰ বাসিন্দা তথা বাহনখনৰ চালক আবুল খানে বৰপেটাৰোডৰ খৈৰাবাৰীৰ অশোক কুমাৰ পালৰ AS 16D 8602 নম্বৰৰ বলেৰ’ বাহনৰ চালক আছিল ৷ বাহনখন টাৱাৰ কোম্পানী (Tower Company)ক ভাড়া হিচাপত চুক্তি কৰা আছিল বুলি বাহনখনৰ গৰাকীয়ে সদৰি কৰে ৷

লগতে পঢ়ক-কাকীত জানমণিৰ পাচত নিখোঁজ গোলাপী : ঘটনাৰ আঁৰত জড়িত আছে নেকি কোনো চক্ৰ ?

উল্লেখ্য যে, গোৱালপাৰাত টাৱাৰৰ কাম চলি থকা হেতুকে শনিবাৰে নিশা গোৱালপাৰাৰ পৰা আহি বাৰাপেটাৰ নিজ গৃহাভিমুখে গৈ থকা সময়ত বাৰাপেটাৰ হাতীদল ব্লকত উদণ্ড যুৱকৰ দল এটাই বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে ৷ সেইমৰ্মে চালক আবুল খানে বাহনখন ৰখায় ৷ লগে লগে চালকজনক চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে ৷

লগতে বলেৰ’ বাহনখনো সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰে । চালকজনৰ লগত থকা 12000 (বাৰ হাজাৰ) টকা আৰু মোবাইল ফোনটো কাঢ়ি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে ৷ অৱশ্যে কি কাৰণত চালকজনক এইদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে সেয়া জানিব পৰা হোৱা নাই ।

উক্ত ঘটনাটোৰ বিষয়ে স্থানীয় ৰাইজে ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে ৷ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত কেইবাজনো যুৱকক আটক কৰিছে ৷ ধৃত যুৱক কেইজন হৈছে দীপক দাস, কনক দাস, প্ৰণৱ দাস, কমলেশ্বৰ দাস, অশোক চৌধুৰী, পীতাম্বৰ ৰাজভৰ, মৃনাল দাস, পংকজ দাস আৰু বৰুণ দাস ৷

ইফালে বহুকেইজন যুৱকৰ বিৰুদ্ধে বলেৰ’ বাহনখনৰ গৰাকী অশোক কুমাৰ পালে লাব্দাংগুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক-Encounter: আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details