বৰপেটা,22 এপ্ৰিল :বৰপেটা সত্ৰত চ'তৰ সংক্ৰান্তিৰ পৰা 6 ব'হাগলৈ ব’হাগৰ দোমাহী বা ব’হাগ বিহু পালন কৰা হয় ৷ তাৰ পিছত 7 ব'হাগত বৰপেটা সত্ৰৰ দালানৰ সন্মুখ ভাগত গোৱা হয় থিয় নাম (Thiyo nam in front of Satra Dalan) ৷ থিয় নামৰ পাছতে সামৰণি পৰে বৰপেটা সত্ৰত পালিত ব’হাগ বিহু ৷
সত্ৰ নগৰী বৰপেটাত বিহু মূলতঃ সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে পালন কৰা হয় ৷ পূৰ্ব পৰম্পৰা অনুসৰি, বৰপেটা সত্ৰৰ 22 খন হাটীৰ বাপসকলে সাত বিহুৰ থিয় নামত অংশ লয় ৷ 7 ব’হাগৰ থিয় নামৰ পৰম্পৰা অনুসৰি চিত্ৰ-বিচিত্ৰ বৰপাল টানি, বৰ শৰাই আৰু বৰচৰিয়া স্থাপন কৰি দালানৰ সন্মুখত (Satra Dalan of Barpeta Satra) তিনিখনকৈ নামথলীত ভক্তসকলে পৰিৱেশন কৰে থিয় নাম ৷
আনহাতে, ভক্তসকলেও শৰাইত বুট-মগু, ফল-মূল আদিৰ পৰিৱৰ্তে নৈবেদ্য হিচাপে গুৰ, চেনী আৰু গুৱামুৰি আগবঢ়াই আৰু নেদেখাজনৰ ওচৰত আৰ্শীষ বিচাৰে ৷ অতীতৰ পৰাই চলি আহিছে এই পৰম্পৰা ৷ ইফালে, দালানৰ সন্মুখৰ গোৱা থিয় নামৰ শেষত দক্ষিণহাটী, নহাটী আৰু উত্তৰহাটীৰ বাপসকলে বাট বুলনি ঘোষা গাই প্ৰৱেশ কৰে সত্ৰত ৷