অসম

assam

শালবাৰীৰ মৰা নৈত উদ্ধাৰ পাঁচ দিনে সন্ধানহীন যুৱকৰ মৃতদেহ

By

Published : Jun 21, 2021, 9:17 AM IST

পাঁচদিন ধৰি সন্ধানহীন হৈ থকা কাহিবাৰীৰ পিতু মিঞ্জ নামৰ যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ ৷ দেওবাৰে ঘৰৰ ওচৰতে থকা আওহাটা মৰা নৈৰ বুকুৰ পৰা উদ্ধাৰ হয় পিতু মিঞ্জৰ মৃতদেহ ৷

dead body found at mora noi
পাঁচ দিনে সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ শালবাৰীৰ মৰানৈত উদ্ধাৰ

বৰপেটাৰোড, 21 জুন : বাক্সাৰ শালবাৰীৰ কাহিবাৰীত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা ৷ পাঁচদিনে সন্ধানহীন হৈ থকা এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ ৷ জানিব পৰা মতে, বাক্সাৰ কাহিবাৰীৰ পিতু মিঞ্জ নামৰ এজন শ্ৰমিক যুৱক যোৱা ১৫ জুনৰ পৰা নিখোজ হৈ আছিল ৷ আত্মীয় লোকে জানোৱা মতে মৃত 20 বছৰীয়া পিতু মিঞ্জ 15 তাৰিখে দিনহাজিৰা কৰাৰ বাবে ঘৰৰ পৰা উলাই গৈ নিখোজ হৈছিল ৷

পাঁচ দিনে সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ শালবাৰীৰ মৰানৈত উদ্ধাৰ

কামৰ পৰা ঘৰলৈ নহাত পিতু মিঞ্জৰ আত্মীয়ই বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ কিন্তু 5 দিন পাৰ হৈ যোৱাৰ পাচতো সন্ধান নোপোৱাত পিতু মিঞ্জৰ ভাতৃয়ে আৰক্ষীক খবৰ দিয়ে ৷ ইফালে আওহাটা মৰা নৈৰ পৰা কিছু দৰ্গন্ধ অহাত স্থানীয় লোকে ইয়াৰ গম লয় ৷ অৱশেষত শনিবাৰে আওহাটা মৰা নৈৰ পিতনিৰ কাষত যুৱকজনৰ চেণ্ডেল আৰু চাইকেলখন উদ্ধাৰ হোৱাৰ পাচত দেওবাৰে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত অৰ্ধগলিত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

উদ্ধাৰ কৰা মৃতদেহটো পিতু মিঞ্জৰ ভাতৃয়ে চিনাক্ত কৰাৰ পাচত শালবাৰী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ আনহাতে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কাৰ্বি আংলঙত আৰক্ষীৰ হাতত নিহত UPRF ৰ দুই সদস্য

ABOUT THE AUTHOR

...view details