জনীয়া,27 আগষ্ট: অৱশেষত উদ্ধাৰ হ'ল কলগাছিয়া ৰাজহ চক্ৰৰ কয়াকুছি গাঁৱত বেকী নৈৰ সুঁতিত সন্ধানহীন হোৱা 6 বছৰীয়া কন্যা শিশুটিৰ মৃতদেহ ৷ শুকুৰবাৰে পুৱাই পানীত ওপঙি উঠা অৱস্থাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ৷ ঘটনাস্থলীত ময়নবৰী আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ ফুলকুমলীয়া শিশুটিৰ অকাল মৃত্যুত অঞ্চল ব্যাপী গভীৰ শোকৰ ছাঁ পৰিছে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে খেলি থকা অৱস্থাত ঘৰৰ কাষতে থকা এটা কালভাৰ্টৰ পৰা পৰি বেকী নৈৰ সুঁতিত সন্ধানহীন হৈছিল বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ মইনবড়ী আৰক্ষী চকীৰ অন্তৰ্গত কয়াকুছি গাঁৱৰ আজিমুদ্দিনৰ 6 বছৰীয়া কন্যা সন্তান আফ্ৰিন ৷ স্থানীয় ৰাইজৰ লগতে লগতে এচ ডি আৰ এফ(SDRF) বাহিনীয়ে বৃহস্পতিবাৰে নিশালৈকে উদ্ধাৰ অভিযান চলাইছিল যদিও শিশুটিৰ সন্ধান উলিয়াব পৰা নাছিল ৷