অসম

assam

ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ত যুটীয়া পঞ্জীয়কক যোগদানত বাধা

বড়োলেণ্ডৰ বাহিৰৰ লোক হোৱা বাবেই বিশ্ববিদ্যালয়খনৰ যুটীয়া পঞ্জীয়ক পদত যোগদানত বাধা ড0 প্ৰতাপ চন্দ্ৰ দাসক ৷ যোগদানৰ বাবে বিভাগীয়ভাৱে পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ বড়োলেণ্ডৰ বাহিৰৰ লোক বাবেই বিশ্ববিদ্যালয়খনত যোগদানত বাধা প্ৰদান কৰাৰ অভি়যোগ

By

Published : Sep 20, 2019, 10:58 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ত যুটীয়া পঞ্জীয়কক যোগদানত বাধা

বৰপেটা, 20 ছেপ্টেম্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ বড়োলেণ্ডৰ বাহিৰৰ লোক হোৱা বাবেই বিশ্ববিদ্যালয়খনৰ যুটীয়া পঞ্জীয়ক পদত যোগদানত বাধা ড0 প্ৰতাপ চন্দ্ৰ দাসক ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক পদত নিযুক্তিৰ বাবে নিৰ্বাচিত হৈছিল বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 প্ৰতাপ চন্দ্ৰ দাস ৷ তিনিখনকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক, ৰাজ্যপালৰ প্ৰতিনিধিৰে গঠিত ইন্টাৰভিউ ব’ৰ্ডে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক পদৰ বাবে বাচনি কৰিছিল বৰপেটা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা গোৱালপাৰাৰ ড0 প্ৰতাপ চন্দ্ৰ দাস নামৰ শিক্ষাবিদগৰাকীক ৷ শিক্ষাবিদগৰাকী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক পদত নিৰ্বাচিত হোৱাৰ খবৰটো উপাচাৰ্যগৰাকীয়ে ফোনযোগে জানিবলৈ দিয়াৰ লগতে তেখেতক কৰ্তব্যত যোগদানৰ বাবে বিভাগীয়ভাৱে পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক পত্ৰ পোৱাৰ পিচতে 10 ছেপ্টেম্বৰত কৰ্তব্যত যোগদানৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয় ড0 প্ৰতাপ চন্দ্ৰ দাস ৷ কিন্তু বড়োলেণ্ডৰ ৰাইজৰ আশা ভৰসাৰ স্থল বিশ্ববিদ্যালয়ত যুটীয়া পঞ্জীয়ক পদত যোগদান কৰিবলৈ গৈ অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় শিক্ষাবিদগৰাকী ৷ বিশ্ববিদ্যালয়খনত ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰহ্লাদ বসুমতাৰী আৰু তেওৰ সহকৰ্মীসকলে যোগদান কৰিবলৈ নিদি ওভতাই পঠাই শিক্ষাবিদ ড0 প্ৰতাপ চন্দ্ৰ দাসক ৷ তেওক বড়োলেণ্ডৰ বাহিৰৰ লোক বাবেই বিশ্ববিদ্যালয়খনত যোগদানত বাধা প্ৰদান কৰা বুলি অভি়যোগ তুলিছে বঞ্চিত শিক্ষাবিদগৰাকীয়ে ৷ এই ঘটনাৰ বিৰুদ্ধে ড0 প্ৰতাপ চন্দ্ৰ দাসে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক লিখিতভাৱে অভিযোগ পত্ৰ দাখিল কৰিছে ৷ কোনো লোক যাতে বড়োলেণ্ডৰ নামত হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া নহয়, তাৰবাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে শিক্ষাবিদগৰাকীয়ে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ত যুটীয়া পঞ্জীয়কক যোগদানত বাধা

ABOUT THE AUTHOR

...view details