বৰপেটা, ২৪ ছেপ্টেম্বৰ:বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ সংবাদমেল(Bmch principal press meet) । সংবাদমেলত বহুকেইটা বিষয়ৰ লগতে বৃহস্পতিবাৰে উত্থাপন হোৱা এক অভিযোগৰ ওপৰতো মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে । হাউলীৰ প্ৰকাশ সাহা নামৰ লোকজনৰ বৰপেটা মেডিকেল কলেজ হাস্পতালত মৃত্যুৰ পিচতে চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে(Death of patient due to doctor negligence) । কিন্তু সেই অভিযোগক একেষাৰেই নাকচ কৰিলে অধ্যক্ষগৰাকীয়ে ।
লগতে কি পৰিস্থিতিত প্ৰকাশ সাহা নামৰ ৰোগীজন বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছিল আৰু তাৰ পৰৱৰ্তী চিকিৎসা সম্পৰ্কীয় তথ্যও প্ৰকাশ কৰে অধ্যক্ষ ৰমেন তালুকদাৰে । এই অভিযোগ সস্পূৰ্ণভাৱে নাকচ কৰি অধ্যক্ষগৰাকীয়ে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উন্নয়নৰ বাবে গ্ৰহন কৰা ব্যৱস্থা সম্পৰ্কে মন্তব্য কৰে ৷ এইক্ষেত্ৰত বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ সৈতে বৰপেটা সদৰৰ সাংবাদিকসকলৰ এটা WhatsApp গ্ৰুপ গঠন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই তালুকদাৰে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি হাউলীৰ প্ৰকাশ সাহা নামৰ এজন লোক বৰপেটাৰোডত পথ দুৰ্ঘটনাত আহত হৈছিল (Road accident in Barpeta)৷ আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে প্ৰকাশ সাহাক বৰপেটা মেডিকেল কলেজ হাস্পতালত(Fakhruddin Ali Ahmed Medical College and Hospital) ভৰ্তি কৰে যদিও নিশা প্ৰায় ডেৰ বজাত লোকজন মৃত্যুমুখত পৰে (Patient dead in Barpeta hospital)৷ ইপিনে মেডিকেল কলেজ হাস্পতালত কৰ্তব্যৰত চিকিৎসকে দুৰ্ঘটনাত আহত ব্যক্তিজনক চিকিৎসা প্ৰদানত হেমাহি প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰিছিল আত্মীয়ই ৷