অসম

assam

চাৰি বছৰীয়া উল্মাক লাগে আপোনাৰ সহায়

By

Published : Jul 3, 2019, 10:43 AM IST

Updated : Jul 3, 2019, 10:51 AM IST

বৰপেটা জিলাৰ হাউলিৰ নুনমাটি গাঁৱৰ উম্মে ছালমা নামৰ শিশুটি আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত । শিশুটিক চিকিৎসাৰ বাবে লাগে আপোনাৰ সহায়

চাৰি বছৰীয়া উল্মাক লাগে আপোনাৰ সহায়

বৰপেটা,৩ জুলাই : পখিলা খেদাৰ বয়সত এটি চাৰি বছৰীয়া কণমানিৰ জীৱনলৈ নামি আহিছে অমানিশা। কণমানিটো আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত। কণমানিটোৰ সহায়ৰ বাবে পৰিয়ালটোৱে বিচাৰিছে আপোনাৰ সহায়। বৰপেটা জিলাৰ হাউলিৰ নুনমাটি গাঁৱৰ বাসিন্দা শ্বাহ আলমৰ পুত্ৰ উম্মে ছালমা দুমাহ পূৰ্বে আক্ৰান্ত হৈছিল ব্লাড কেঞ্চাৰত। শাৰিৰীক অসুস্থতাৰ বাবে কণমানি উম্মে ছালমাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । কিন্তু চিকিৎসকে শিশুটি ব্লাড কেঞ্চাৰত আক্ৰান্ত হোৱা বুলি মন্তব্য কৰে। ম'হৰ গাড়ী চলাই কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটিৱে চিকিৎসকৰ এই মন্তব্য শুনাৰ পাছতেই চিন্তিত হৈ পৰে। অৰ্থৰ অভাৱত পৰিয়ালটোৱে শিশুটিৰ উপযুক্ত চিকিৎসা কৰিবলৈ গৈ থমকি ৰ'বলগীয়া হৈছে । কাৰণ শিশুটিৰ চিকিৎসাৰ বাবে ধন গোটাবলৈ অক্ষম পৰিয়ালটো। বৰ্তমান শিশুটি চিকিৎসাধীন হৈ আছে জি এম চি এইচত। শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে বিচাৰিছে আপোনাৰ সহায়। যদি কোনো ব্যক্তিয়ে কণমানিটিক সহায় কৰিব বিচাৰে তেন্তে ষ্টেট বেংক অব ইণ্ডিয়াৰ AC-36935536533
IFSC : SBIN0002013 ,

Branch : Barpeta Road অথবা 8402088612 নম্বৰত যোগাযোগ কৰিব পাৰে ।

চাৰি বছৰীয়া উল্মাক লাগে আপোনাৰ সহায়
Last Updated : Jul 3, 2019, 10:51 AM IST

ABOUT THE AUTHOR

...view details