জনীয়া, ১৮ ফেব্ৰুৱাৰী: ইতিহাসৰ কলা অধ্যায় হিচাপে চিহ্নিত হোৱা নেলী গণ হত্যাৰ ন্যায় প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত । বৃহস্পতিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত জিলা সমিতিৰ উদ্যোগত কলা দিৱস পালন আমছুৰ । কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত কলাবেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ । এই প্ৰতিবাদৰ জৰিয়তে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী সংগঠনটোৰ ।
১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনটোতেই ঐতিহাসিক অসম আন্দোলনৰ সময়ত নেলী, নগাবন্ধা, মুকালমুৱা, গহপুৰ, চাউলখোৱাকে ধৰি বিভিন্ন ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল । আমছু আৰু আৰু অসমৰ সংখ্যালঘু ৰাইজৰ দাবীত চৰকাৰে সমগ্ৰ ঘটনা তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তিৱাৰী আয়োগ গঠন কৰিছিল । নেলী গণহত্যাৰ চৰকাৰী হিচাপ মতে ১৮১৯ গৰাকী লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল । পৰৱৰ্তী সময়ত নেলী অঞ্চলত সংঘটিত হোৱা গণহত্যাৰ ভুক্তভোগীয়ে ৬৮৮ টা গোচৰ ৰুজু কৰিছিল । তাৰে ৩১০ টা গোচৰত আৰক্ষীয়ে মহামান্য আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু ৩৭৮ টা গোচৰ সাক্ষী-প্ৰমাণৰ অভাৱত আৰক্ষীয়ে স্থগিত কৰিছিল ।