অসম

assam

By

Published : Mar 26, 2021, 10:31 AM IST

ETV Bharat / state

বৰপেটাত বিজেপিৰ সংকল্প পত্ৰ উন্মোচন

বৃহস্পতিবাৰে বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ৰ অটল ভৱনত বিজেপিৰ সংকল্প পত্ৰ উন্মোচন কৰা হয় ৷ বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই বিজেপিৰ সংকল্প পত্ৰখন উন্মোচন কৰে ৷

বৰপেটাত বিজেপিৰ সংকল্প পত্ৰ উন্মোচন
বৰপেটাত বিজেপিৰ সংকল্প পত্ৰ উন্মোচন

বৰপেটা, 26 মাৰ্চ:বৃহস্পতিবাৰে বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ৰ অটল ভৱনত বিজেপিৰ সংকল্প পত্ৰ উন্মোচন কৰা হয় ৷ এই সংকল্প পত্ৰ উন্মোচন কৰে বৰপেটাৰ নিৰ্বাচনী তত্বাৱধায়ক মধ্যপ্ৰদেশৰ বিজেপি নেতা বংশীলাল গুজৰাল আৰু নৰেন্দ্ৰ সিং পেটেলৰ উপস্থিতিত বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই ৷ বিজেপিৰ সংকল্প পত্ৰখন উন্মোচন কৰি ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে গ্ৰহন কৰিবলগীয়া প্ৰতিশ্ৰুতিসমূহৰ কথা প্ৰকাশ কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷

বৰপেটাত বিজেপিৰ সংকল্প পত্ৰ উন্মোচন

বিজেপিৰ সংকল্প পত্ৰখন উন্মোচন কৰি বিজেপি নেতা মনোজ বৰুৱাই দাবী কৰে যে, পাটাছাৰকুছি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসক সমষ্টিৰ ৰাইজে আদৰি লৈছে ৷ একেদৰে ভৱানীপুৰতো অগপৰ ৰণজিৎ ডেকাক আদৰি লোৱা বুলি কৈ ভৱানীপুৰ আৰু পাটাছাৰকুছি সমষ্টিত মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি দাবী কৰে বিজেপিৰ নেতা গৰাকীয়ে ৷

পাটাছাৰকুছি সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাকো সমালোচনা কৰে মনোজ বৰুৱাই ৷ অগপৰ পৰা দল বাগৰা কাৰ্যক সমালোচনা কৰি পবিন্দ্ৰ ডেকাই পিএলপি, কংগ্ৰেছ, লোক জনশক্তি অথবা অসম জাতীয় পৰিষদত যোগদানৰ ফলত তেওঁৰ নিজৰ ৰাজনৈতিক স্থিতি আৰু প্ৰাৰ্থীত্বক দূৰ্বল কৰা বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ ইপিনে বিজেপি দল ত্যাগ কৰা বজালী জিলাৰ সমিতিৰ সভাপতি ফনী পাঠকৰ দলত্যাগক দূৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে বিজেপি নেতা মনোজ বৰুৱাই ৷

লগতে পঢ়ক:অজাপৰ প্ৰাৰ্থী শুভাকৰণ কোহাঁঞিৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details