বৰপেটা, ২৮ জানুৱাৰী : ১০ মাৰ্চৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব পৌৰসভা নিৰ্বাচন ৷ তাৰ বাবে শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ৷ যাৰ বাবে শুকুৰবাৰে বৰপেটা, বজালী আৰু বঙাইগাঁও জিলাত দলীয় কৰ্মকৰ্তাৰে সাংগঠনিক সভাত মিলিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJPs organisational meeting in Barpeta)৷
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদ ভুৱনেশ্বৰ কলিতা, বিধায়ক ফণী তালুকদাৰসহ একাধিক নেতাই বৰপেটা জিলা বিজেপি কাৰ্যালয়ত দলীয় সভাত অংশ লয় । এই সভাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দাবী পৌৰসভা নিৰ্বাচনতো বিজেপিয়েই জয়ী হ'ব ৷ ইপিনে পৌৰ নিৰ্বাচনত ৰাজ্যিক স্তৰত কোনো দলৰে সৈতে বিজেপিয়ে মিত্ৰতা নকৰে যদিও স্থানীয় পৰ্যায়ত আসনক লৈ মিত্ৰদলৰে কিছু বুজাপৰা হ'ব বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ৷