বৰপেটা,৫ ফেব্ৰুৱাৰী :ৰাজ্যৰ পৌৰসভা নিৰ্বাচনক (Assam municipal election 2022) লৈ বাকী ৰাজনৈতিক দলসমূহৰ উপৰিও শাসকীয় বিজেপিয়ে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । ঠায়ে ঠায়ে বিজেপিৰ শীৰ্ষ নেতা উপস্থিত হৈ নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে বুজ লৈছে । শুকুৰবাৰে নিশা বৰপেটাত দলীয় নেতা-কৰ্মীৰ সৈতে বিশেষ বৈঠকত মিলিত হয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰী (CM Patwari meets BJP workers at Barpeta)।
বৰপেটাত বিজেপিৰ পৌৰসভা নিৰ্বাচন কেন্দ্ৰীক সভা বৰপেটাত কি হ'ব বিজেপি দলৰ ৰণকৌশল ? তাক লৈয়ে নিশা ১১ বজালৈ চলিল দলীয় কৰ্মীৰে মন্ত্ৰীগৰাকীৰ বৈঠক । ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰক লগত লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা বিজেপি আৰু নগৰ মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ লগতে বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ মতামত গ্ৰহণ কৰে ৷
বিশেষকৈ বৰপেটাত পৌৰ নিৰ্বাচনৰ ৰণকৌশল কি হ'ব ? অগপৰ সৈতে কেনেধৰণেৰে হ'ব বুজাবুজি ? বুজাবুজি হ'লে কোন কেইখন আসন এৰি দিয়া হ'ব অগপক ? এইবিষয়ে দলীয় কাৰ্যকৰ্তা আৰু সম্ভাব্য প্ৰাৰ্থীসকলৰ পৰা মতামত গ্ৰহণ কৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
দলীয় কাৰ্যকৰ্তাসকলৰ এই মতামতসমূহ মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক সমিতিক দাখিল কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ ইফালে এই মতামতৰ ওপৰত ভিত্তি কৰিয়েই দলৰ ৰাজ্যিক সমিতিয়ে পৌৰ নিৰ্বাচনত বৰপেটাত অগপৰে বুজাবুজি সম্পৰ্কত সিদ্ধান্ত ল'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ শেহতীয়াকৈ বৰপেটা সত্ৰৰ ভূমি বেদখলক লৈ বিতৰ্কৰ সৃষ্টি কৰা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে আইনে বিধায়কগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব ।
আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীৰ কথা মতে কাম কৰিছে শ্বেৰমান আলী আহমেদে । লুৰীণজ্যোতি গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ অস্বীকাৰ কৰে মন্ত্ৰী চন্দ্ৰেমোহন পাটোৱাৰীয়ে । লুৰীণজ্যোতি গগৈক উভতি ধৰিলে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰীগৰাকীৰ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ তেওঁৰ কি আছে ? দুটা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হ'ব নোৱাৰা লুৰীণজ্যোতি সম্পৰ্কে প্ৰশ্ন নকৰিবলৈ সাংবাদিকক আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :Final electoral roll of GMC: ৫ মাৰ্চত প্ৰকাশ পাব গুৱাহাটী পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা