বৰপেটা, ২৬ নৱেম্বৰ :বৰপেটা জিলাৰ হাউলীত আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ (BJP training camp at Howly) । বিজেপি অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত বৰপেটা জিলাখনক সামৰি আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰৰ । হাউলীৰ নিৰ্মালী বিবাহ ভৱনত আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ ।
বিজেপি দলৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ লগতে দলীয় কৰ্মীসকলৰ মাজত সেৱাৰ মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যেৰে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি দলটোৱে অৱগত কৰে । উক্ত প্ৰশিক্ষণ শিবিৰত দলটোৰ কেইবাগৰাকীয়ো শীৰ্ষ নেতা উপস্থিত থাকে । বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি অনিল কুমাৰ দাস, সম্পাদক নিপা কলিতা, হেমন্ত কুমাৰ দেউৰীৰ লগতে আন কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে শিবিৰত ।