বৰপেটা,১২ ফেব্ৰুৱাৰীঃ আহোমসকল অসমৰ খিলঞ্জীয়া নহয় বুলি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে৷ এ আই ইউ ডিএফৰ ধিঙৰ বিধায়কগৰাকীয়ে আহোমসকলৰ বিৰুদ্ধে কৰা এনে মন্তব্যৰ বিৰুদ্ধে অসমৰ জাতীয় দল সংগঠনসমূহে প্ৰতিবাদ নকৰা কথাক লৈ আশ্বৰ্য প্ৰকাশ কৰে সভাপতি ৰঞ্জিত দাসে ৷
আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যক লৈ ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া - জমিয়ত উলেমা ই হিন্দ
অসম চুক্তিৰ ৬ নং দফাক লৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিৰ হাতত জমিয়ত উলেমাই লিখিতভাৱে এনে বিতৰ্কিত মন্তব্য কৰাৰ পিচতো অসমৰ জাতীয় দল সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে কোনো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিলে বুলি প্ৰকাশ কৰে ৰনজিৎ কুমাৰ দাসে৷
বৰপেটাৰ এক অনুষ্ঠানত ভাগ লৈ বিজেপিৰ ৰাজ্যিক সভপতিগৰাকীয়ে কয় যে,অকল আমিনুল ইছলামেই নহয়, জমিয়ত উলেমা ই হিন্দে পূৰ্বেও লিখিতভাৱে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল ৷ অসম চুক্তিৰ ৬ নং দফাক লৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিৰ হাতত জমিয়ত উলেমাই লিখিতভাৱে এনে বিতৰ্কিত মন্তব্য কৰাৰ পিচতো অসমৰ জাতীয় দল সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে কোনো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিলে বুলি প্ৰকাশ কৰে ৰনজিৎ কুমাৰ দাসে৷ অসমৰ জাতীয় দল সংগঠনসমূহৰ এনে নিৰ্লিপ্ততা দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে অকল টাই আহোমসকলৰ জাতীয় সংগঠনসমূহে প্ৰতিবাদ কৰি থকাৰ বিপৰীতে অসম সাহিত্য সভা, ছাত্ৰ সংগঠন আদি জাতীয় সংগঠনসমূহকো মাত মাতিবলৈ আহ্বান জনায়৷ ধিঙৰ বিধায়কগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে জাতীয় সংগঠনসমূহে কি স্থিতি গ্ৰহণ কৰে তাৰ ওপৰত নজৰ ৰাখিছে বিজেপিয়ে৷ যদিহে জাতীয় সংগঠনসমূহ মৌন হৈ থাকে তেন্তে বিধায়ক আমিনুল ইছলামৰ মন্তব্য মানি লোৱা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷
লগতে চাওকঃন কইনাৰ ৰূপত সাজু তাৰালাংছৰ বাকৰি