অসম

assam

By

Published : Feb 12, 2020, 8:44 PM IST

ETV Bharat / state

বৰপেটাৰ মৰানদীৰ পাৰত বিশাল কৃষক মেলা

কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷ শীঘ্ৰেই ৰাজ্যৰ কৃষকসকলৰ বাবে সুখবৰ অহাৰ সম্ভাৱনা আছে ৷ বৰপেটাত অনুষ্ঠিত হোৱা কৃষক মেলাত ভাগ লৈ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য লোৱাৰ কথা কয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জতি দাসে ৷

বৰপেটাৰ মৰানদীৰ পাৰত বিশাল কৃষক মেলা
বৰপেটাৰ মৰানদীৰ পাৰত বিশাল কৃষক মেলা

বৰপেটা,১২ ফেব্ৰুৱাৰীঃ বৰপেটাত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এখন কৃষক মেলা ৷ সৰভােগৰ বিধায়ক তথা হাউচফেডৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে কৃষক মেলাখন ৷ সৰভোগ সমষ্টিৰ বিধায়কজনে কৃষকমেলাখন উদ্ধোধন কৰি দিয়া ভাষণত কৃষকসকলৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে লোৱা আচঁনি সমূহৰ সৰ্বাধিক সুবিধা গ্ৰহণ কৰিবলৈ কৃষক সকলৰ প্ৰতি আহ্বান জনায়।

বৰপেটাৰ মৰানদীৰ পাৰত বিশাল কৃষক মেলা

তেওঁ চৰকাৰে কৃষকৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে জন্মৰ পৰা মৃত্যু পৰ্যন্ত প্ৰতিটো অৱস্থাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে এই মেলাতে ৷ তেওঁ অনা কৃষক সকলকো কৃষি কাৰ্যৰে নিজৰ আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। বৰপেটা চহৰৰ মৰানদীৰ পাৰত আয়োজিত এই মেলাখনৰ উদ্ধোধনী অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস,জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে ৷ জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মেলাখনত কৃষকৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ বিপণীৰ উপৰি জনসজাগতা বৃদ্ধিৰ উদ্দেশ্যেস্বাস্থ্য,জলসিঞ্চন,ভূমি সংৰক্ষণ,পশুপালন,দুগ্ধ উন্নয়ন,পৰিবহন,উদ্যোগ,দুৰ্যোগ ব্যৱস্থাপনা,ৰেচম,হস্ত তাতঁ বস্ত্ৰ,জনস্বাস্থ্য কাৰিকৰী,সমাজ কল্যাণ,নগৰ আৰু গাওঁ পৰিকল্পনা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগে বিপণী স্থাপন কৰিছে ৷

লগতে চাওকঃজুবিন গাৰ্গ সেঁতুলৈ মৰাণ ছাত্ৰ সন্থাৰ আৰ্থিক সাহায্য

ABOUT THE AUTHOR

...view details