বৰপেটা, 6 মে': 24ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে ৷ ৰাজ্যৰ 45 লাখ বিজেপি সদস্যক একেটা ডিজিটেল ফৰ্মেটত একত্ৰিত কৰি সাংগঠনিক আৰু নিৰ্বাচনী কামকাজ আগবঢ়াই নিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপিয়ে ৷ লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে প্ৰস্তুত কৰা ৰণকৌশল অনুসৰি সমগ্ৰ দেশৰ 18 কোটি 50 লাখ বিজেপি সদস্যক ডিজিটেলী একত্ৰীকৰণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে (BJP Organized Data Managment and Leverage Workshop) ৷
শুকুৰবাৰে ৰাজ্যিক বিজেপিয়ে নামনি অসমৰ 11 খন জিলাৰ 90 খন মণ্ডল সমিতিক লৈ বৰপেটা চহৰত অনুষ্ঠিত কৰে ডাটা মেনেজমেন্ট এণ্ড লিভাৰেজ সম্পৰ্কীয় এখন বৃহৎ কৰ্মশালা ৷ অসম আৰু ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালাখনত অংশ লয় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মাই ৷ 2024 ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যৰ 12 টা সমষ্টি দখলৰ লক্ষ্য স্থিৰ কৰা বুলি মন্তব্য কৰে ৷ ৰাজ্যৰ ১৪ সমষ্টিৰ ভিতৰত বৰপেটা, কলিয়াবৰ আৰু নগাঁও সমষ্টি বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে (Data Management Workshop) ৷