বৰপেটা,১ মাৰ্চ: সৰুক্ষেত্ৰীত অগপ-বিজেপিৰ মাজৰ সংঘাত তুংগত উঠিছে । অগপক মৰা গৰুৰ সৈতে তুলনা কৰি মৰা গৰুক ঘাঁহ দিয়া আৰু অগপক প্ৰাৰ্থিত্ব প্ৰদান কৰা একেই কথা বুলি কটাক্ষ কৰে সৰুক্ষেত্ৰীৰ একাংশ বিজেপি কৰ্মীয়ে ৷ আনকি সৰুক্ষেত্ৰীত উন্নয়ন পিছত, বৰ্তমান টিকটৰ প্ৰয়োজন বুলি মন্তব্য কৰে বিজেপি কৰ্মীয়ে ৷
ক্ৰমাৎ আকৰ্ষণীয় ৰূপত সৰুক্ষেত্ৰীৰ নিৰ্বাচনী যুঁজ ৷ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত এইবাৰ বিজেপি আৰু অসম গণ পৰিষদৰ মাজত প্ৰাৰ্থিত্বক লৈ চলিছে তীব্ৰ টনা-আজোৰা ৷ বিজেপিয়ে কোনো কাৰণতে এইবাৰ সৰুক্ষেত্ৰী সমষ্টি এৰি দিব খোজা নাই মিত্ৰদল অসম গণ পৰিষদক । অসম গণ পৰিষদক সৰুক্ষেত্ৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপি কৰ্মীসকলে সহযোগ নকৰাৰ হুংকাৰ প্ৰদান কৰে ।
বিগত বিধানসভাৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনত সৰুক্ষেত্ৰী বিধানসভা আৰু বৰপেটা লোকসভা সমষ্টি অসম গণ পৰিষদ দলক এৰি দিছিল বিজেপিয়ে । প্ৰতিবাৰে অসম গণ পৰিষদ দলক সুযোগ দিয়া নহ'ব বুলি স্পষ্ট কৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ বিজেপি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে ।