অসম

assam

কংগ্ৰেছ- এ আই ইউ ডি এফে গোপন বুজাবুজিৰে বৰপেটাত প্ৰাৰ্থীত্ব দিছে আব্দুল খালেকক !!

By

Published : Mar 31, 2019, 12:35 PM IST

বৰপেটাত উপস্থিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস ৷ ভোট বিভাজনৰ জৰিয়তে কংগ্ৰেছে এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামক জয়ী কৰাৰ কৌশল ৰচনা কৰাৰ অভিযোগ দীপক দাসৰ

barpeta

বৰপেটা , 31 মাৰ্চঃঅগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক বৰপেটাত বিপুল আদৰণি ৷ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী শনিবাৰে নিশা গুৱাহাটীৰ পৰা আহি বৰপেটাত উপস্থিত হোৱাৰ পাচতে বৰপেটা জিলা অগপ কাৰ্যালয়ত দলীয় নেতাসকলে আদৰণি জনায় ৷ বৰপেটাত উপস্থিত হৈ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে নিৰ্বাচনত তেওঁৰ বিজয় 100 শতাংশ নিশ্চিত বুলি দাবী কৰে ৷


কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত হোৱা গোপন মিত্ৰতাৰ কথা উল্লেখ কৰি এনে মিত্ৰতাক বৰপেটাৰ সাধাৰণ সংখ্যালঘু জনতাই গ্ৰহণ নকৰে বুলিও উল্লেখ কৰে ৷ সংখ্যালঘূলোক এতিয়া শিক্ষিত হৈছে আৰু তেওঁলোকে সমাজখনৰ সৈতে একলগ হৈ যুঁজাৰ শক্তি আহৰণ কৰা বুলিও মন্তব্য কৰে ৷ ৰাজ্যৰ 14 টা সমষ্টিৰ ভিতৰত 12 টা সমষ্টিতেই অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ কংগ্ৰেছ- এআইইউডিএফৰ গোপন বুজাবুজি অনুসৰিয়েই বৰপেটাত আব্দুল খালেকক কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ খালেকক প্ৰাৰ্থীত্ব প্ৰদান কৰি ভোট বিভাজনৰ সুৰুঙাৰে ইউডিএফৰ প্ৰাৰ্থীজনক জয়ী কৰিবলৈ চেষ্টা চলোৱা বুলিও তেওঁ অভিযোগ কৰে ৷ কলিয়াবৰ, নগাঁৱত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰা আৰু বৰপেটাত কংগ্ৰেছে আব্দুল খালেকক প্ৰাৰ্থীত্ব দিয়াৰ মাজতো এক বুজাবুজি থকাৰ কথা উল্লেখ কৰে ৷ কংগ্ৰেছ-এআইইউডিএফে ভোট বিভাজনৰ কৌশলেৰে খালেকক প্ৰাৰ্থীত্ব দিলেও সংখ্যালঘূআৰু সংখ্যাগুৰু ভোটাৰ এইবাৰ ভোল নাযায় বুলি মন্তব্য কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীহিচাপে তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

ABOUT THE AUTHOR

...view details