অসম

assam

ETV Bharat / state

হাগ্ৰামাই বিটিচিখন পৈতৃক সম্পত্তি বুলি ভাৱিলে নহ'বঃ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা - বাক্সাৰ মথনগুৰী

হাগ্ৰামাই মোক বিটিচিত সোমাব নিদিয়াৰ কথা কয় ৷ বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে হাগ্ৰামাৰ ঘৰৰ সন্মুখত গৈ পিকনিক খাম বুলি হুংকাৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

bjp-meeting-at-baksha-himanta-biswa-sharma-criticese-hagrama
হাগ্ৰামাই বিটিচিখন পৈতৃক সম্পত্তি বুলি ভাৱিলে নহ'বঃ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 27, 2020, 9:31 PM IST

বৰপেটাৰোড 27 নৱেম্বৰঃ শুকুৰবাৰে বাক্সাৰ মথনগুৰীত বিজেপিৰ নিৰ্বাচনী সভাত অংশলৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিপিএফে বিটিচিত পৰ্বতসম দুৰ্নীতি কৰাৰ অভিযোগত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফক এইবাৰ বেলনা মাৰিৰে ৰাইজে কোবাব বুলি তীব্ৰ বাক্যবান নিক্ষেপ কৰে হাগ্ৰামা মহিলাৰী আৰু বিপিএফলৈ ৷

হাগ্ৰামাই বিটিচিখন পৈতৃক সম্পত্তি বুলি ভাৱিলে নহ'বঃ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

আগন্তুক দিনত বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি মন্ত্ৰী ড° শৰ্মাই দাবী কৰে ৷ লগতে ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সৰভোগ সমষ্টিত আমূল পৰিবৰ্তন হোৱাৰ কথা ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ সমৰ্থনত বাক্সাৰ লাবদাংগুৰীত বিশাল নিৰ্বাচনী সভাত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মংগলদৈ সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ লগতে বহু নেতা আৰু কেইবা সহস্ৰাধিক সমৰ্থক উপস্থিত থাকে ৷

লগতে পঢ়কঃ ৰঞ্জিত পাটগিৰীৰ কাব্য গ্ৰন্থ 'প্ৰিয় বৰ্ণ' উন্মোচন

ABOUT THE AUTHOR

...view details