বৰপেটা,১ ফেব্ৰুৱাৰী : সলনি হ'ব ৰাজ্যৰ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ কাম-কাজ ৷ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ নৱনিযুক্ত অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে ঘোষণা কৰা এই কথা । বৰপেটাৰ হাউলীত বিজেপিৰ এখন সভাত (BJP Joining program at Barpeta) অংশগ্ৰহণ কৰি নিজ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰিলে সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে ৷
বিশেষকৈ সংখ্যালঘু সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক শিক্ষিত আৰু স্বাৱলম্বী কৰি গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানৰ কথা ব্যক্ত কৰে হাবিব মহম্মদ চৌধুৰীয়ে ৷ তাৰ বাবে ব'ৰ্ডৰ ৭৫ শতাংশ পুঁজি কেৱল নাৰী সৱলীকৰণৰ বাবে ব্যয় কৰা হ'ব বুলিও প্ৰকাশ কৰে হাবিব মহম্মদ চৌধুৰীয়ে ৷ ইফালে জন বিস্ফোৰণক লৈ যি সময়ত অসমকে ধৰি দেশৰ হিন্দুত্ববাদী সংগঠনসমূহে শংকা ব্যক্ত কৰি আহিছে তেনে সময়তে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সপক্ষে মন্তব্য কৰিছে ৰাজ্যৰ সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে (Minority Development Board Chairman support Population Control Bill)৷