ৰাজ্যৰ চাৰি সমষ্টিৰ আগন্তক উপ-নিৰ্বাচনলৈ চূড়ান্ত বিজেপিৰ প্ৰাৰ্থী তালিকা - ৰাজেন বৰঠাকুৰ
ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷
নিউজ ডেস্ক, 29 ছেপ্টেম্বৰঃ ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে ৰঙাপৰা, সোণাৰি, জনিয়া আৰু ৰাতাবাড়ীত হ'বলগীয়া আগন্তক উপ-নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে বিজেপিয়ে ৷ দলটোৱে ৰঙাপৰা সমষ্টিৰ বাবে তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে সোণাৰি সমষ্টিত নৱনীতা সন্দিকৈক,জনীয়া সমষ্টিত জনপ্ৰিয় অভিনেতা তথা বিজেপিৰ উপ সভাপতি তৌফিকুৰ ৰহমানক আৰু ৰাতাবাড়ি সমষ্টিৰ পৰা বিজয় মালাকাৰক নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ বাবে দলীয় টিকট প্ৰদান কৰিছে ৷ ইফালে জনিয়া সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰি নিজৰ সন্তুষ্টি ব্যক্ত কৰে অভিনেতা তৌফিকুৰ ৰহমানে ৷ জনিয়াৰ বাবে প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা নাছিল বুলি মন্তব্য কৰি ৰহমানে কয় যে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰাটো সম্পূৰ্ণ দলীয় সিদ্ধান্ত ৷ সকলোকে লগত লৈ নিৰ্বাচনী যুঁজত আগবাঢ়িব বুলি মত ব্যক্ত কৰি নেতাজনে সমষ্টিটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত সঘনাই চলি থকা প্ৰাক-নিৰ্বাচনী মিত্ৰতাক লৈ মুঠেও চিন্তিত নহয় বুলি উল্লেখ কৰে ৷ তেওঁ লগতে সমষ্টিটোত বিজেপিৰ জয় 100 শতাংশই নিশ্চিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷ নেতাগৰাকীয়ে সমষ্টিবাসী ৰাইজক 70 বছৰীয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শাসনৰ বিপৰীতে এক নতুন পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷