অসম

assam

ETV Bharat / state

বিটিচিৰ 12 টা সমষ্টিতেই বিজেপিয়ে জয়লাভ কৰিব : হিমন্ত বিশ্ব শৰ্মা - bjp

দেওবাৰে বাক্সা জিলাৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিটিচিৰ 12 টা সমষ্টিতেই বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু 12 টাতেই জয়ী হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিপিএফ দলে ব্যাপক দুৰ্নীতি কৰা কথাবোৰ যদি সত্য হয়,ইয়াতকৈ ডাঙৰ পাপ একো হ’ব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে ৷

bjp election meeting
বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Nov 15, 2020, 9:56 PM IST

বৰপেটাৰোড,15 নৱেম্বৰ : বাক্সা জিলাৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বেলগুৰীত দেওবাৰে বিজেপিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, কোকৰাঝাৰত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব ৷ বিটিচিৰ 12 টা সমষ্টিতেই বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু 12 টাতেই জয়ী হ’ব ৷ বিজেপিয়ে কোকৰাঝাৰত চৰকাৰ গঠন কৰাৰ পাচত বিটিচিৰ ভিচিডিচি সমূহ সাত দিনৰ ভিতৰত ভংগ কৰি দিয়া হ’ব ৷

বিপিএফক সমালোচনা কৰি মন্ত্ৰী হিমন্তই কয় যে, বিটিচিত শ্ৰমিকৰ জব কাৰ্ড, বৃদ্ধ পেঞ্চনকে ধৰি দৰিদ্ৰ লোকৰ আৱাস গৃহৰ নামতো বিপিএফ দলে ব্যাপক দুৰ্নীতি কৰা কথাবোৰ যদি সত্য হয়,ইয়াতকৈ ডাঙৰ পাপ একো হ’ব নোৱাৰে ৷

বিটিচিত যদি বিপিএফে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে, তেন্তে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হৈ থকাৰ সময়ত কিয় বিটিচিৰ দুৰ্নীতিৰ তদন্ত কৰা নহ’ল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, দুৰ্নীতি কৰাৰ গোচৰ পঞ্জীয়ন হৈছে; কিন্তু নিৰ্বাচনৰ পূৰ্বে দুৰ্নীতিৰ তদন্ত কৰিলে ৰাইজে প্ৰতিশোধ পৰায়ণ হৈ ব্যৱস্থা লোৱা বুলি ভাৱিব, সেয়ে তদন্ত কৰা নায় ৷

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

ৰাইজৰ আদালতত প্ৰথম শাস্তি পোৱাৰ পাচত চৰকাৰী আদালতত শাস্তি দিয়াৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে আগন্তুক নিৰ্বাচনত মহাজোঁটে ক্ষতি কৰিব নেকি বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, মই মহাজোঁট নাচাঁও ৷ মই মাত্ৰ ৰাইজৰ ভৰিৰ পিনে চাই থাকো সেৱা কৰাৰ বাবে আৰু ৰাইজে মূৰত আশীৰ্বাদ দিব লাগে ৷

মন্ত্ৰী হিমন্তই বিটিচিৰ চীফ হোৱাৰ ধান্দা কৰিছে বুলি হাগ্ৰামা মহিলাৰীয়ে কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, হাগ্ৰামাই প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে ৷ হাগ্ৰামাৰ ফুটবলৰ এতিয়া পাম্প গ’ল বুলি উল্লেখ কৰি বিটিচিত বাহিৰৰ মানুহে মাটি এডোখৰ ক্ৰয় কৰিব নোৱাৰাটো কেতিয়াবাই বন্ধ কৰি থৈছে ৷ বিটিচিক বেলেগ এটা দুনীয়া বনাই থৈছে হাগ্ৰামাই ৷ তেনে ক্ষেত্ৰত বিটিচিৰ বাহিৰৰ মানুহে কেনেদৰে বিটিচিৰ চীফ হ’ব !

আনহাতে উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, এইবাৰ বিটিচিত বিজেপিয়ে ৰাইজৰ আশীৰ্বাদত চৰকাৰ গঠন কৰিবই ৷ আগন্তুক 20 নৱেম্বৰত বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে বিজেপিত যোগদান কৰাৰ কথা আছিল যদিও দিল্লীত এখন সভা থকাৰ বাবে 22 নৱেম্বৰত যোগদান কৰিব বুলিও তেওঁ কয় ৷

লগতে তেওঁ কয় যে, মহাজোঁট যিমানেই নহওঁক কিয় অসমত বিজেপিৰ চৰকাৰ হ’ব ৷

লগতে পঢ়ক :টীয়কত নৰ সেৱা নাৰায়ণ সেৱা শীৰ্ষক স্বাস্থ্য সজাগতা সভা

ABOUT THE AUTHOR

...view details