অসম

assam

ETV Bharat / state

বাঘবৰত পদুম ফুল ফুলাব হাছিনাৰা খাতুনে !

মঙলবাৰে বাঘবৰত ভিডিঅ’ কনফাৰেঞ্চযোগে বিজেপিৰ দলীয় ইস্তাহাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ বিজেপি প্ৰাৰ্থী হাছিনাৰা খাতুনৰ ৷ সমষ্টিটোৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক কঠোৰ সমালোচনা প্ৰাৰ্থী গৰাকীৰ ৷

hasinara khatun
হাছিনাৰা খাটুন

By

Published : Mar 23, 2021, 10:59 PM IST

বৰপেটা,23 মাৰ্চ: সমাগত নিৰ্বাচনত বিজেপিয়ে বাঘবৰ সমষ্টিত প্ৰক্ষেপ কৰিছে যুৱ নেত্ৰী হাছিনাৰা খাতুনক ৷ প্ৰায় 99 শতাংশ সংখ্যালঘু অধ্যুষিত বাঘবৰ সমষ্টিত এইবাৰ পদুম ফুল ফুলাবলৈ আগবাঢ়ি আহিছে যুৱ নেত্ৰী গৰাকী ৷

মঙলবাৰে বাঘবৰত ভিডিঅ’ কনফাৰেঞ্চযোগে বিজেপিৰ দলীয় ইস্তাহাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বাঘবৰৰ বিজেপি প্ৰাৰ্থী হাছিনাৰা খাতুনে কঠোৰ সমালোচনা কৰে সমষ্টিটোৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক ৷ বাঘবৰৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা হাছিনাৰা খাতুনৰ বিপক্ষে আছে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু এআইইউডিএফ-ৰ প্ৰাৰ্থী ৰাজীৱ আহমেদ ৷

বিজেপি প্ৰাৰ্থী হাছিনাৰা খাতুন

বিধায়ক হিচাপে বিগত দুটাকৈ কাৰ্যকালত বাঘবৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়ক শ্বেৰমান আলী আহমেদ বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ প্ৰাৰ্থী হাছিনাৰা খাতুনৰ মতে, বিধায়ক শ্বেৰমান আলী আহমেদৰ বাবে নহয়; বিজেপি চৰকাৰে সংখ্যালঘু অধ্যুষিত বাঘবৰ সমষ্টিটোৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ বাবেহে বাঘবৰৰ বাট-পথৰ ব্যাপক উন্নতি সাধন হৈছে ৷

ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ বান খহনীয়া, ভূমি পট্টা আদি সমস্যা সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদ সম্পূৰ্ণ বিফল হোৱা বুলি দাবী কৰে ৷ বিধায়ক হিচাপে নিৰ্বাচিত হ'লে বাঘবৰ সমষ্টিটোৰ উন্নয়ন গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷

লগতে পঢ়ক:বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

ABOUT THE AUTHOR

...view details