অসম

assam

ETV Bharat / state

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 154 সংখ্যক জন্ম দিৱস উদযাপন - উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 154 সংখ্যক জন্ম দিৱস উদযাপন

হাউলীত অসম সাহিত্য সভাই উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 154 সংখ্যক জন্মদিৱস উদযাপন কৰে ৷ বুধবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভা(Assam Sahitya Sabha)ৰ উপ-সভাপতি মৃণালিনী দেৱী ৷ লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

central-program-of-assam-sahitya-sabha-in-howly
Assam Sahitya Sabha : উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 154 সংখ্যক জন্ম দিৱস উদযাপন

By

Published : Nov 25, 2021, 1:59 PM IST

বৰপেটা, 25 নৱেম্বৰ :বুধবাৰে হাউলী ৰাস মন্দিৰৰ মুকলি পথাৰত অসম সাহিত্য সভাই ৰামধেনু উপ-সমিতিৰ উদ্যোগত হাউলী সাহিত্য সভা আৰু মনোমতী উপন্যাসৰ ৰচনাস্থলী স্মৃতি ৰক্ষা সমিতিৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ (Rajanikanta Bardoloi)ৰ 154 সংখ্যক জন্ম দিৱস উপলক্ষে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান(Central program of Assam Sahitya Sabha) অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভা(Assam Sahitya Sabha)ৰ উপ-সভাপতি মৃণালিনী দেৱী ৷

এই অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন পূজাৰীয়ে ৷ ইয়াৰ পাচতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে হাউলী পৌৰসভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ দাসে ৷ উক্ত অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে উপস্থিত থাকে মহোৎসৱৰ সভাপতি মুনীন্দ্ৰ দাস ৷ লগতে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ মুকলি কৰে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে ৷

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 154 সংখ্যক জন্ম দিৱস উদযাপন

"সাহিত্যৰ জৰিয়তে মহা মহা পুৰুষৰ আদৰ্শ বিলাক আমি ৰক্ষা কৰিব লাগিব । যুগে যুগে যিসকল আমাৰ মাজত নতুন প্ৰজন্ম আহি থাকিব তেওঁলোকক সেই মহান মনীষীসকলৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব" - এইদৰে কয় অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে।

লগতে মৃণালিনী দেৱীয়ে তেখেতৰ ভাষণত কয় যে বিভিন্ন ঘাত-প্ৰতিঘাত লঘু লাঞ্ছনাৰ মাজেৰে অসম সাহিত্য সভাই আজিৰ এই স্থান পাইছে ৷ গতিকে সাহিত্য সভাৰ কথাখিনি ভৱিষ্যৎ প্ৰজন্মৰ উত্তৰাধিকাৰীসকলক যদি আমি শিকাই দিব নোৱাৰো তেতিয়াহ'লে নতুন প্ৰজন্মই জাতীয় অনুষ্ঠান বিলাক কেনেকৈ চলাই নিব ৷ তদুপৰি দেৱীয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ জীৱনৰ বহু কথা ভাষণৰ মাজত উল্লেখ কৰে ৷

উক্ত অনুষ্ঠানত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী ক্ৰমে ৰূপম ভূঞা, বিদ্যাসাগৰ, নিবেদিতা মেধিৰ লগতে কেইবাগৰাকীও সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰে ।

লগতে পঢ়ক :নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন সাধাৰণ সভা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details