বৰপেটা, 21 মে': নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাপক তথা আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ বৃহস্পতিবাৰে ৮৭ সংখ্যক আবিৰ্ভাৱ তিথি পালন কৰা হয় । সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্টুপীয়াকৈ পালন কৰা হয় কৃষ্ণগুৰু প্ৰভুৰ ৮৭ সংখ্যক আবিৰ্ভাৱ তিথি ।
১৯৩৪ চনৰ শুকুলা অষ্টমী তিথিত নসত্ৰত আবিৰ্ভাৱ ঘটিছিল কৃষ্ণগুৰু প্ৰভুৰ । কৃষ্ণগুৰু মহাপ্ৰভু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধ্যাত্মিক গুৰুগৰাকীৰ অনুগামীসকলক শুভেচ্ছা জ্ঞাপন কৰে ।
কৃষ্ণগুৰুৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰে সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে । আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনায় ।