অসম

assam

By

Published : Oct 4, 2020, 2:00 PM IST

ETV Bharat / state

বৰপেটা-নলবাৰী জিলাৰ সীমান্তত 'ৰাইজৰ দল'ৰ নেতাক আদৰণি

গুৱাহাটীৰ পৰা জনিয়ালৈ অহাৰ পথত ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল ইছলামক বাইক ৰেলীৰে আদৰি নিয়ে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ কৰ্মী তথা সমৰ্থকে ।

bike rally raijar dol at barpeta
বৰপেটা-নলবাৰী জিলাৰ সীমান্তত 'ৰাইজৰ দল'ৰ নেতাক আদৰণি

বৰপেটা, ৪ অক্টোবৰঃ দেওবাৰে বৰপেটা-নলবাৰী জিলাৰ সীমান্তত ৰাইজৰ দলৰ নেতাক বিপুল আদৰণি জনায় স্থানীয় ৰাইজে ৷ বৰক্ষেত্ৰীৰ দৌলাশালৰ পৰা বিশাল বাইক ৰেলীৰে আদৰণি জনায় ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল ইছলামক । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামক সংগ দিয়ে চেঙা সমষ্টিৰ যুৱ নেতা, ছাত্ৰ মুক্তিৰ নেতা তথা যুৱ লেখক আশ্ৰাফুল হুছেইনে । চেঙা সমষ্টিৰ ৰৌমাৰী পাথাৰ, ৰৌমাৰী গাঁও, বহৰি হৈ বৰপেটা জনিয়া সমষ্টিৰ কলগাছিয়াত সামৰণি পেলাক বাইক ৰেলীৰ ।

বৰপেটা-নলবাৰী জিলাৰ সীমান্তত 'ৰাইজৰ দল'ৰ নেতাক আদৰণি
গুৱাহাটীৰ পৰা জনিয়ালৈ অহাৰ পথত ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল ইছলামক বাইক ৰেলীৰে আদৰি নিয়ে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ কৰ্মী তথা সমৰ্থকে । বৰপেটা আৰু চেঙা সমষ্টিত ৰাইজৰ দলক গ্ৰহণ কৰা বুলি উল্লেখ কৰে চেঙা সমষ্টিৰ যুৱ নেতা আশ্ৰাফুল হুছেইনে । অসমৰ ৰাইজে অখিল গগৈৰ নেতৃত্বত সঁচা অৰ্থত ৰাজনৈতিক দল বিচৰা বুলি উল্লেখ কৰে ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল ইছলামে । নামনি অসমত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক সবল বুলি কোৱাৰ কাৰণ হৈছে বিকল্প ৰাজনৈতিক দলৰ অভাৱ । ৰাইজে বিকল্প ৰাজনৈতিক দল বিচৰা বুলিও উল্লেখ কৰে ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল ইছলামে ।লগতে পঢ়কঃ শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন

ABOUT THE AUTHOR

...view details