বৰপেটা,৩০ এপ্ৰিলঃ বৰপেটা জিলাৰ উত্তৰ অভয়াপুৰীৰ বালাপেট শংকৰ মন্দিৰ প্ৰাংগণত ১৪ আৰু ১৫ বহাগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰঙালী বিহু। অন্তিম দিনাৰ অনুষ্ঠানত বহুকেইটা বিহু দলে মুকলি বিহুত অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আছিল বিশিষ্ট কন্ঠশিল্পী বিদ্যাসাগৰ আৰু পিংকী আহিষ্টা। প্ৰতিকূল বতৰকো নেওচি বিদ্যাসাগৰৰ সংগীতানুষ্ঠান উপভোগ কৰে সহস্ৰাধিক দৰ্শকে।
বালাপেটত বিদ্যাসাগৰৰ সংগীতানুষ্ঠান - প্ৰতিকূল বতৰ
বৰপেটা জিলাৰ উত্তৰ অভয়াপুৰীৰ বালাপেট শংকৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত দৰ্শকক মুহিলে কন্ঠশিল্পী বিদ্যাসাগৰে । তেওঁৰ লগতে উপস্থিত থাকে কন্ঠশিল্পী পিংকী আহিষ্টা । প্ৰতিকূল বতৰকো নেওচি বিদ্যাসাগৰৰ সংগীতানুষ্ঠান উপভোগ কৰে সহস্ৰাধিক দৰ্শকে ।
বালাপেটত বিদ্যাসাগৰৰ সংগীতানুষ্ঠান
তেওঁৰ সংগীতানুষ্ঠানে সহস্ৰাধিক দৰ্শকৰ মন আপ্লুত কৰা পৰিলক্ষিত হয়।