বৰপেটা,২৮ অক্টোবৰ :আলফা(স্বা)ৰ শিবিৰত পুনৰ দুই কেডাৰক মৃত্যুদণ্ড দিয়াৰ তথ্য পোহৰলৈ আহিছে । তাৰ ভিতৰত এজন পাঠশালাৰ বিভাকৰ কলিতা ওৰফে প্ৰণৱ অসম বুলি জানিব পৰা গৈছে । এই খবৰ পোৱাৰ লগে লগে বিভাকৰৰ পাঠশালাস্থিত বাসগৃহত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । শোকত ভাগি পৰিছে বিভাকৰৰ দুৰ্ভগীয়া পৰিয়ালটো । পুত্ৰৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পিতৃয়ে । পুত্ৰক হত্যাৰ অভিযোগ পিতৃৰ ।
ইফালে আলফা(স্বা)ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিভাকৰৰ পিতৃয়ে । পিতৃৰ মতে দুৰ্বল হৈ পৰিছে আলফা(স্বা) । ম্যানমাৰত আলফা(স্বা)ৰ মাত্ৰ তিনিটা শিবিৰ আছে । য'ত মাত্ৰ ১৫০-২০০ কেডাৰ আছে । বিভাকৰৰ পিতৃয়ে অভিযোগ কৰা মতে শিবিৰকেইটাত তীব্ৰ খাদ্য সংকটে দেখা দিছে । যাৰ বাবে বহু কেডাৰে পলায়নৰ চেষ্টা কৰিছে ।
পিতৃয়ে জনোৱা মতে ২০২২ চনৰ ৯ মাৰ্চত পাঠশালাৰ নিজৰ ঘৰখন এৰি আলফা(স্বা)ত যোগদান কৰিবলৈ গৈছিল বিভাকৰ কলিতাই । ম্যানমাৰৰ শিবিৰত বিভাকৰৰ নাম আছিল প্ৰণৱ অসম । কিন্তু এবছৰ ধৰি পৰিয়ালে বিভাকৰৰ কোনো খবৰ নোপোৱাৰ পাছত শেহতীয়াকৈ ম্যানমাৰৰ আলফা(স্বা)ৰ শিবিৰৰ পৰা পলাই অহা এজন কেডাৰে পাঠশালাৰ বিভাকৰৰ পৰিয়ালৰ কাষ চাপিছিল । সেই কেডাৰজনে আলফাৰ শিবিৰত চলি থকা খাদ্য সংকটৰ বিষয়ে কৈছিল ।
পলায়ন কৰা কেডাৰজনে পৰিয়ালটোক জনোৱা মতে বিভাকৰ আৰু তেওঁৰ দুজনমান সতীৰ্থই শিবিৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল । সেই সময়তে বিভাকৰ ওৰফে প্ৰণৱ অসম আৰু এজন সতীৰ্থক গুলীয়াই হত্যা কৰা হৈছিল বুলি কেডাৰজনে পিতৃক অৱগত কৰে ।