অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচন : কংগ্ৰেছ-বিজেপিৰ মাজত আৰম্ভ হৈছে বাক্-বিতণ্ডা

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনকলৈ আৰম্ভ হৈছে প্ৰস্তুতি ৷ সমষ্টিটো নিজৰ দখললৈ আনিবলৈ টঙালি বান্ধিছে কংগ্ৰেছ-বিজেপিয়ে ৷

উপ-নিৰ্বাচন

By

Published : Jul 9, 2019, 7:48 PM IST

জনীয়া, ৯ জুলাই: জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনক লৈ টঙালি বান্ধিছে কংগ্ৰেছ- বিজেপিয়ে । উপ-নিৰ্বাচনৰ সমান্তৰালকৈ দুয়োটা দলৰ মাজত আৰম্ভ হৈছে বাক-বিতণ্ডাৰ ৷ 10 জুলাইত সমষ্টিটোত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইপিনে নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই আজি কলগাছিয়াৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা কৰ্মী সভা ৷ য'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্যই কয় ,

"ভাৰাতীয়া মানুহ গোটাই সভা কৰিব বিজেপিয়ে । জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত যিয়েই নহওক কিয় কংগ্ৰেছৰ প্ৰাৰ্থী জয় হোৱাটো এশ শতাংশ নিশ্চিত । এ আই ইউ ডি এফৰ দুই এজন হতাশাগ্ৰস্ত কৰ্মীক দলত যোগদান কৰোৱাই নিৰ্বাচনী বৈতৰণী পাৰ হব খুজিছে বিজেপিয়ে ।''

উপ-নিৰ্বাচন

লগতে তেঁও কয় য়ে, জনীয়া সাংসদ আব্দুল খালেকৰ দুৰ্গ ৷ ইয়াত বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাইবা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজেও নিৰ্বাচন খেলিলে কংগ্ৰেছৰ হাতত পৰাজিত হব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ছলমান খানে ৷ ইফালে অপূৰ্ব ভট্টাচাৰ্যক উভতি ধৰি জনীয়া সমষ্টি এইবাৰ বিজেপি দুৰ্গ হিচাপে পৰিণত হ'ব বুলি কয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ আহমেদ খানে ।

ABOUT THE AUTHOR

...view details