বৰপেটা, 25 জুলাইঃ ভূটানে পানী এৰা সন্দৰ্ভত বাক্সা আৰু বৰপেটা জিলা প্ৰশাসনে বুধবাৰে নৈ পৰীয়া ৰাইজক দিছিল সতৰ্কবাণী৷ সেই মৰ্মে বৰপেটা আৰু বাক্সা জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গঢ়ি তুলিছিল । সাজু কৰি ৰাখিছিল এছ ডি আৰ এফ সেনাৰ ৯ ৰেজিমেণ্টৰ দল । লগতে জিলা প্ৰশাসনে নাৰায়ণগুৰী আৰু ছাফাকামাৰৰ চৰত বসবাস কৰা ২৭৫ জন লোকক নাৱেৰে ওখ ঠাইলৈ আনিছিল ৷ কেৱল সেয়াই নহয়, প্ৰায় তিনিশ পশুধনো চৰ অঞ্চলৰ পৰা ওখ ঠাইলৈ লৈ আনিছিল প্ৰশাসনে ৷ কিন্তু বৃহস্পতিবাৰে বাৰে বেকী নৈত মাত্ৰ ২৭ ছেণ্টিমিটাৰ পানীহে বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷ সেয়েহে সম্প্ৰতি বানপানীৰ বাবে শংকিত নহয় নৈপৰীয়া অঞ্চলৰ লোক সকল ৷
ভূটানে এৰিলে পানীঃ সষ্টম জিলা প্ৰশাসন
ভূটানে এৰিলে পানী । ২৭৫ জন লোকক নাৱেৰে ওখ ঠাইলৈ অনাৰ লগতে প্ৰায় তিনিশ পশুধনো চৰ অঞ্চলৰ পৰা ওখ ঠাইলৈ উদ্ধাৰ কৰিলে বাক্সা-বৰপেটা জিলা প্ৰশাসনে
ভূটানে এৰিলে পানীঃ সষ্টম জিলা প্ৰশাসন
উল্লেখ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা তথা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়নগুৰীৰ মথাউৰীক লৈ শংকিত হৈছিল জনসাধাৰণ । ২০০৪ আৰু ২০০৭ বৰ্ষত ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নাৰায়নগুৰীৰ মথাউৰি চিঙি বিধ্বংসী ৰূপ লৈছিল আৰু বাক্সা আৰু বৰপেটাৰ বিভিন্ন প্ৰান্ত সৃষ্টি হৈছিল মহা প্ৰলয় ।