বৰপেটা, ৩ এপ্ৰিল:পাঁচ গেৰাণ্টিৰে তৃতীয় পৰ্যায়তো নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছে ৷ ইংৰাজে ভাৰতবৰ্ষত বিবেদৰ বীজ সিঁচি লুণ্ঠনৰাজ চলাইছিল ৷ এতিয়া বিজেপিয়ে তাকে কৰিছে ৷ ধৰ্ম নামত জনতাক ভাগ ভাগ কৰাৰ ৰাজনীতিৰে বৃহৎ পুঁজিপতিৰ হাতত দেশৰ সম্পদ তুলি দিছে বিজেপিয়ে ৷ এই মন্তব্যৰে আজি বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলালে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পাচত এইবাৰ তৃতীয় পৰ্যায়ত ব্যাৰামহীন ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ভূপেশ ৱাঘেলে ৷ শনিবাৰে মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
সভাৰ ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ছিণ্ডিকেটৰ আনন্দ বুলি কটাক্ষ কৰে ভূপেশ বাঘেলে ৷ কংগ্ৰেছে পাঁচ গেৰাণ্টি দিছে ৷ ছত্তিশগড়ৰ কৃষকৰ ঋণ মাফ, কৃষকৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য বৃদ্ধিকে ধৰি ৰাজ্যখনৰ কিছু উন্নয়ন খতিয়ান দাঙি ধৰি কংগ্ৰেছে যি কয় তাকে কৰে বুলি মন্তব্য প্ৰকাশ কৰে ভূপেশ বাঘেলে ৷ কংগ্ৰেছৰ পাঁচ গেৰাণ্টি নিবনুৱাৰ সংস্থাপন, ২০০ ইউনিট বিদ্যু মাচুল বিনামূলীয়া, মহিলাৰ একাউন্টত প্ৰতিমাহে ২ হাজাৰ টকা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু কা' বাতিল আদি ইচ্ছু সমূহক লৈ ভাষণ আৰম্ভ কৰে বাঘেলে ৷