জনীয়া, 10 নৱেম্বৰ: "এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মৌলানা আব্দুল হামিদক লগ ধৰি ভাৰত জোড়ো আন্দোলনৰ ক্ষেত্ৰত পৰামৰ্শ বিচাৰিছিলো ৷ তেওঁ আমাক পৰামৰ্শ দিছে যে আমি ৰাজনৈতিক ক্ষেত্ৰখন সাম্প্ৰদায়িকতাৰ পৰা উৰ্দ্ধত ৰাখিব লাগিব ৷ সাম্প্ৰদায়িকতাই আমাৰ কোনো জাতি, ধৰ্ম, বৰ্ণক সহায় নকৰে ৷ আমি আশা কৰিছো যে আগন্তুক দিনত তেখেতৰ পৰা পোৱা পৰামৰ্শই কংগ্ৰেছক উজ্জীৱিত কৰি তুলিব ৷ আমাৰ এই যাত্ৰা আৰু কিমান দিন চলিব আমি সঠিককৈ কব নোৱাৰিম যদিও আমি আশা কৰিছো 25 ডিচেম্বৰৰ আশে-পাশে আমি শদিয়া পামগৈ ৷" এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰৰ সম্পৰ্কীয় ভাতৃ তথা কলগাছিয়াৰ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ (veteran journalist Maulana Abdul Hamid) ঘৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই বুধবাৰে (President Bhupen Bora) এই মন্তব্য কৰে ৷
বুধবাৰে সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Assam Pradesh Congress Committee President )ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বৰপেটাৰ সাংসদ আব্দুল খালেক (MP Abdul Khalek) উপস্থিত হয় প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ ঘৰত ৷ বিগত কেইবাদিন ধৰি চাহৰ নিমন্ত্ৰণক লৈ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ মাজত চলিছিল ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷
এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে (AIUDF MLA Rafikul Islam) তেওঁৰ সম্পৰ্কীয় ভাতৃ তথা প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদে চাহ-মিঠাই লৈ বহি আছে বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিছিল ৷ ভূপেন বৰাই এই নিমন্ত্ৰণ ৰক্ষা কৰিব বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰাৰ পিছতেই বুধবাৰে ভাৰত জোড়ো আন্দোলনৰ পৰামৰ্শ ল’বলৈ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ উপস্থিত হয় কংগ্ৰেছৰ প্ৰতিনিধি দল ৷