বৰপেটা, 10 নৱেম্বৰ: "আমাৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ত্যাগ, তপস্যা আৰু তীৰ্থযাত্ৰা ৷ আমি গোলকগঞ্জত যাওঁতেই শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা কৰা ৰামৰাই সত্ৰৰ পৰা আশীষ লৈ যাত্ৰা আৰম্ভ কৰিছো (Bharat jodo yatra in Assam)৷" বৃহস্পতিবাৰে বৰপেটা সত্ৰত সেৱা লৈ এই মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora visited Barpeta Satra) ৷
Bhupen Bora visited Barpeta Satra: অসমৰ পৰা বিভাজনৰ সাম্প্ৰদায়িক ৰাজনীতি নিঃশেষ কৰিম বিজেপিক কটাক্ষ কৰি সভাপতিগৰাকীয়ে কয়- "মোৰ গাত কি হিন্দুত্ব নাই নেকি ? মই বিজেপিৰ কাৰ্যালয়লৈ গৈ হিন্দুত্বৰ চাৰ্টিফিকেট লব লাগিব নেকি ? যদি তেনে কিবা চাৰ্টিফিকেটৰ ব্যৱস্থা আছে তেনেহ’লে আমিও লওঁ আপোনালোকেও লওক ৷ আমি ভোট খুজিবলৈ হিন্দুত্বৰ নামাৱলী গাত মেৰিয়াই নাযাওঁ ৷ আমি ধৰ্মৰ নামত ৰাজনীতি বিচৰা নাই ৷"
বৃহস্পতিবাৰে পুৱা বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰৰ ভকতৰ সৈতে পুৱাৰ প্ৰসংগত ভাগ লয় কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সভাপতিগৰাকীৰ লগত তিতাবৰৰ বিধায়়ক ভাস্কৰ বৰুৱায়ো সত্ৰত সেৱা লয় ৷
লগতে সভাপতিগৰাকীয়ে বিজেপিক কটাক্ষ কৰি কয় যে "আপুনি চাৰ্ফ দি কাপোৰ চাফা কৰিব পাৰে, চেম্পু দি মূৰ চাফা কৰিব পাৰিব, চাবোন দি গা চাফা কৰিব পাৰিব, আত্মাৰ শুদ্ধিৰ কাৰণে নাম প্ৰসংগ কৰিব লাগিব ৷ মাজুলীত বিজেপিৰ বিধায়কক পহু খেদা দিয়া বুলি মই আপোনালোকৰ টিভিতে দেখিছো ৷ ইফালে বিহপুৰীয়াত বিধায়কক খেদি খেদি গাড়ীত উঠি গ্লাছখন নমৰা হ’লে খিলঞ্জীয়া লোকে পূৰ্ণহতীয়া চৰ সোধালেহেতেন ৷ আচলতে তুঁহ জুই উমি উমি জ্বলি আছে, আমি কংগ্ৰেছে ফুৱাই দিব খোজা নাই ৷ আমি বিচাৰিছো চৰকাৰে সুস্থিৰে 5 টা বছৰ ৰাইজপৰ সেৱাত আত্মনিয়োগ কৰক ৷"
মুখ্যমন্ত্ৰীয়ে আজমলক চাহাব সম্বোধন কৰা সম্পৰ্কেও মন্তব্য কৰে ভূপেন বৰাই ৷ পূৰ্বতে বাগানৰ মালিক ইংৰাজক শ্ৰমিকে চাহাব বুলি সম্বোধন কৰিছিল ৷ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজমলক চাহাব বুলি কয় ৷ কথাবোৰ উজনিৰ ৰাইজৰ মাজলৈ লৈ গৈ আছো ৷ অসমৰ ৰাজনীতিৰ পৰা আমি বিভাজনৰ সাম্প্ৰদায়িক ৰাজনীতি নিঃশেষ কৰিম বুলিও মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই ৷
উল্লেখ্য যে ১ নৱেম্বৰৰ পৰা অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা অনুষ্ঠিত হৈছে(Rahul Gandhi Bharat Jodo Yatra) । এদিনত ১৫ পৰা ২০ কিলোমিটাৰকৈ পদযাত্ৰা কৰি ৮৩৫ কিলোমিটাৰ অতিক্ৰম কৰিব দলটোৱে ৷
ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা চলি আছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰা হৈছে । স্বাধীন ভাৰতৰ ইতিহাসত পদব্ৰজে কৰা এই যাত্ৰা প্ৰথম । ৰাহুল গান্ধীৰ লগত ১২০ গৰাকী কংগ্ৰেছৰ কৰ্মীও আছে এই যাত্ৰাত । ইয়াৰে ৩০ শতাংশ মহিলা । ১২ খন ৰাজ্যৰ মাজেৰে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা হৈছে ।
এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক যদিও বিজেপি চৰকাৰৰ (BJP Government) অপশাসন আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে কৰা হৈছে । অহা জানুৱাৰীৰ শেষত এই ভাৰত জোড়ো যাত্ৰা ৰাজস্থানত অন্ত পৰিব । ৰাজস্থানৰ কাৰ্যসূচীত অসমৰ ১০০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰিব ।
লগতে পঢ়ক:Bharat jodo Yatra: প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ ঘৰত ভূপেন বৰাসহ দলৰ নেতা-কৰ্মী