বৰপেটা, 13 অক্টোবৰ: বৰপেটাৰ অটল ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাক সমালোচনা বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ (Subhas Dutta on Bhupen Borah's comment) ৷ অলপতে অমিত শ্বাহে মুকলি কৰা বিজেপিৰ মুখ্য কাৰ্যালয়তো ভাঙি দিম বুলি ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুভাষ দত্তই কয় যে, এয়া হিংসা ৷ কংগ্ৰেছে নিজৰ বাবে ইমান ডাঙৰকৈ এটা কাৰ্যালয় নিৰ্মাণ কৰিব নোৱাৰি ঈৰ্ষান্বিত হৈছে (Controversy on BJP new party office) ৷
আনকি চৰকাৰী ভূমিত বিজেপি কাৰ্যালয়তো নিৰ্মাণ কৰা বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সুভাষ দত্তই ৷ বিগত চাৰি বছৰে নিৰ্মাণকাৰ্য চলি থকা কাৰ্যালয়টোক লৈ সেই সময়ত কিয় প্ৰশ্ন কৰা নাছিল বুলিও ওলোটাকৈ কংগ্ৰেছক আক্ৰমণ সুভাষ দত্তৰ (BJP new Party office in Guwahati) ৷ সকলো চৰকাৰী নীতি-মানি চলি আৰু দলীয় কৰ্মীৰ বৰঙণিৰেহে কাৰ্যালয়তো নিৰ্মাণ কৰা বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰজনে ৷
বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টোক লৈ কবিতা লিখা ভূপেন বৰাই কংগ্ৰেছৰ প্ৰাক্তন সভাপতি এগৰাকীৰ বৃহৎ অট্টালিকাটোক লৈ কিয় কবিতা লিখা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে (Bhupen Bora new poem) ৷
আনকি ভৰত নৰহ, ৰাণী নৰহৰ লগতে ভূপেন বৰাৰ নিজৰ ব্যক্তিগত গৃহতো বৃহৎ কাৰ্যালয় গৃহ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে সুভাষ দত্তই ৷ কংগ্ৰেছৰ নেতাসকলে ব্যক্তিগতভাৱে নিজৰ কেম্পাচত কাৰ্যালয়সমূহ ঠিকেই নিৰ্মাণ কৰি লৈছে যদিও হিতেশ্বৰ শইকীয়াৰ বাদে আন কোনেও দলীয় কাৰ্যালয় নিৰ্মাণ নকৰিলে বুলি তেওঁ উল্লেখ কৰে ৷
লগতে, জিএছ ৰোডত থকা ৰাজীৱ ভৱনটো প্ৰয়াত হিতেশ্বৰ শইকীয়াই দুই কোটি টকাৰে ক্ৰয় কৰাৰ কথা উল্লেখ কৰি এই টকা ক'ৰ পৰা আহিছিল সেই হিচাপ বিজেপিয়ে নকৰে বুলি মন্তব্য কৰে বিজেপি মুখপাত্ৰ দত্তই ৷ শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছৰ অধিকাংশ কাৰ্যালয় চৰকাৰী মাটি দখল কৰি বা এলট লৈ নিৰ্মাণ কৰা বুলিও অভিযোগ কৰে বিজেপি নেতাজনে ৷