বৰপেটা, ৮ জানুৱাৰী: মাঘ বিহু সমাগত ৷ ৰাজ্যজুৰি আৰম্ভ হৈছে মাঘ বিহুক আদৰাৰ প্ৰস্তুতি ৷ ঠায়ে ঠায়ে মেজি, ভেলাঘৰ সজা আৰম্ভ কৰিছে ডেকাসকলে ৷ বৰপেটাতো আৰম্ভ হৈছে ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ প্ৰস্তুতি ৷ ইতিমধ্যে ভেলাঘৰ আৰু মেজিৰ বাবে বিৰিণা কটাত ব্যস্ত হৈ পৰিছে ৰাইজ ৷ বৰপেটা চহৰৰ প্ৰতিটো হাটীৰ লোকসকলে ভাগে ভাগে বিৰিণা কটাত ব্যস্ত হৈ পৰিছে ৷
বৰপেটাত পূৰ্বৰে পৰাই অকল বিৰিণাৰে মেজি আৰু ভেলাঘৰ নিৰ্মাণৰ পৰম্পৰা চলি আহিছে ৷ হাটীসমূহৰ যুৱকৰ লগতে আন লোকসকল আৰু শিশু-কিশোৰ সকলেও মেজি আৰু ভেলাঘৰ নিৰ্মাণৰ পৰম্পৰা ৰক্ষাৰ বাবে এনেদৰে বিৰিণা কাটিবলৈ ওলাই আহিছে ৷ বিশেষকৈ নখান্দা নদীৰ পাৰৰ বিস্তৃৰ্ণ অঞ্চলত থকা বিৰিণা কটাত ব্যস্ত হৈছে বৰপেটাবাসী ৷
পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ টুপৰ চোতালত সত্ৰৰ ভকত সকলে মেজি নিৰ্মাণ কৰি মাঘ বিহুৰ বৰ দোমাহীৰ দিনা অৰ্থাৎ ১ মাঘত মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনায় বৰপেটাবাসীয়ে ৷ সমান্তৰালভাৱে সত্ৰত মেজি প্ৰজ্বলিত হোৱাৰ পিচতে বৰপেটাৰ ২২খন হাটীত থকা হাটীয়াৰ ঘৰ সমূহৰ লগতে হাটীৰ মুখ্য স্থানত ১ মাঘৰ পুৱা মেজি জ্বলাই নাম প্ৰসংগ অনুষ্ঠিত কৰে ৷ ইপিনে,বৰপেটাৰ যুৱক সকলে মাঘৰ মেজিৰ বাবে বিৰিণা কাটিবলৈ যোৱাৰ সময়তে নৈৰ পাৰত লগভাত খায় ৷ অতি আনন্দ উলাহৰ মাজেৰে মাঘৰ মেজিৰ বিৰিণা কাটিবলৈ যোৱাৰ সময়তে লগ ভাত খোৱাৰো পৰম্পৰা চলি আহিছে ৷
উল্লেখ্য যে সমগ্ৰ ৰাজ্যজুৰি পুহ আৰু মাঘ মাঘৰ দোমাহীৰ আগদিনা উৰুকা আয়োজন কৰি দোমাহীৰ পুৱা মেজি জ্বলাই অগ্নি পূজা কৰা হয় ৷ পিচে বৰপেটা সত্ৰৰ লগতে জিলাখনৰ সত্ৰ সমূহক কেন্দ্ৰ কৰি গঢ়ি উঠা গাঁও সমূহত দোমাহীৰ দিনটোত উৰুকাৰ আয়োজন কৰি মাঘৰ প্ৰথম দিনটোতহে মেজি প্ৰজ্বলন কৰে ৷
লগতে পঢ়ক:এইবাৰ আঁহতগুৰিত আনুষ্ঠানিকভাৱে ম’হযুঁজ; আহিব মুখ্যমন্ত্ৰীও