বৰপেটা, 15 জানুৱাৰী : দেওবাৰে ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হ’ল ভোগালী বিহুৰ উৰুকা ৷ উৰুকাৰ নিশা ভেলাঘৰত ভোজ-ভাত খোৱাৰ পিচত সোমবাৰে পুৱা মেজি জ্বলাই সেৱা লয় ৰাইজে ৷ কিন্তু ৰাজ্যৰ সৰ্বত্ৰে দেওবাৰে উৰুকা পালন কৰা হৈছে যদিও সত্ৰনগৰী বৰপেটাকে ধৰি বহু সত্ৰত সত্ৰীয়া ৰীতি-নীতি তথা পৰম্পৰা অনুসৰি আজিহে পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা ৷
মাঘ বিহুৰ উৰুকাক লৈ এতিয়া ব্যস্ত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা ৷ আজি পুৱাৰে পৰা বৰপেটা সত্ৰৰ বাইশখন হাটীত সমূহীয়াভাৱে বিৰিণাৰে নিৰ্মাণ কৰা হৈছে মেজি ৷ বৰপেটা সত্ৰৰ চৌদিশে ৰাইজে পুৰণিকলীয়া ৰীতিমতে মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰিছে ৷ মেজি, ভেলাঘৰ নিৰ্মাণৰ নামত আধুনিকতাৰ ধামখুমীয়াত উটি যোৱা নাই বৰপেটাবাসী ৷
ইফালে উৰুকাৰ নিশা মেজি ৰখিবলৈ অহা ৰাইজে পৰম্পৰা অনুসৰি 'গাটাৰ আলু ভজা' খায় ৷ মাঘ বিহুৰ উৰুকাৰ নিশা বৰপেটাত 'গাটাৰ আলু ভজা' খোৱাটো এক পৰম্পৰা ৷ উৰুকাৰ নিশা ভোজ-ভাত খোৱাৰ পৰিৱৰ্তে 'গাটাৰ আলু ভজা' খোৱাটোহে এক দীৰ্ঘদিনীয়া পৰম্পৰা হিচাবে চিহ্নিত হৈ আহিছে ৷